ETV Bharat / bharat

জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক - shailesh yadav

পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱৰ নিলম্বনৰ দাবী বিজেপিৰ বিধায়ক আশিষ দাসৰ ৷ এটা বিবাহগৃহত হঠাৎ অভিযান চলাই উপস্থিত ৰাইজ, দৰা আৰু আনকি আৰক্ষী কৰ্মীৰ সৈতে অভব্য আচৰণ কৰাৰ অভিযোগ যাদৱৰ বিৰুদ্ধে ৷

bjp mla demands suspension of dm shailesh yadav
জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক
author img

By

Published : Apr 29, 2021, 8:03 AM IST

আগৰতলা, 29 এপ্ৰিল: সোমবাৰে নিশা আগৰতলাৰ এটা বিবাহগৃহত হঠাৎ এক অভিযান চলাই পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে অশোভনীয় আচৰণ কৰাক লৈ ৰাজ্য খনত ভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চহৰখনৰ মাজভাগত অৱস্থিত এটা বিবাহগৃহত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি বিবাহথলীত উপস্থিত ৰাইজ, দৰা আৰু আনকি আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ পাচতে দণ্ডাধীশ গৰাকী বিতৰ্কৰ মাজত সোমাই পৰিছে ৷ মূলতঃ ক'ভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলী ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি উপস্থিত লোক সকলৰ সৈতে যাদৱে অভব্য আচৰণ কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে যাদৱৰ তাৎক্ষণিক নিলম্বনৰ দাবী জনাইছে বিজেপিৰ বিধায়ক আশিষ দাসে ৷ বুধবাৰে বিধায়কজনে চাৰ্কিট হাউচত অৱস্থিত আগৰতলাৰ গান্ধী প্ৰতিমুৰ্তিৰ তলত ধৰ্ণা সাব্যস্ত কৰি জিলা দণ্ডাধীশ গৰাকীৰ নিলম্বনৰ দাবী উত্থাপন কৰে ৷ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱৰ বিৰুদ্ধে ক্ষমতাৰ স্বৈৰাচাৰী প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীয়ে যাদৱক নিলম্বনৰ দাবী উত্থাপন কৰে ৷ যাদৱক নিলম্বন কৰাৰ বাবে 12 ঘন্টাৰ সময়সীমা বান্ধি দি ইয়াৰ অন্যথা প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তুলিব বুলিও আশিষ দাসে হুংকাৰ প্ৰদান কৰে ৷

বিধায়ক গৰাকীয়ে কয় যে, "জিলা দণ্ডাধীশ গৰাকীৰ নিলম্বনৰ দাবীৰে মই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো ৷ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মই 12 ঘন্টাৰ সময়সীমা বান্ধি দিছো ৷ আজি আমি ইয়াত প্ৰতিবাদত বহিছো ৷ যদিহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই ধৰ্ণা অব্যাহত থাকিব ৷"

যাদৱৰ নিলম্বনৰ সন্দৰ্ভত মঙলবাৰে বিজেপিৰ পাঁচ গৰাকীকৈ বিধায়কে মুখ্য সচিব মনোজ কুমাৰৰ হস্তক্ষেপ বিচাৰিছিল ৷ বিধায়ক সকলে দণ্ডাধীশ গৰাকীৰ আচৰণক অভব্য আৰু অসাংস্কৃতিক বুলি অভিহিত কৰিছিল ৷ এগৰাকী IAS বিষয়াৰ ফালৰ পৰা এনে আচৰণ যথেষ্ট অশোভনীয় বুলিও বিধায়ক সকলে মন্তব্য কৰে ৷ বিজেপিৰ বিধায়ক সুশান্ত চৌধুৰীয়ে কয় যে, এনে এক পদবীত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে ৰাজহুৱাকৈ অশ্লীল ভাষা প্ৰয়োগ কৰাটো সম্পূৰ্ণ অবাঞ্চিত ৷ প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বৃহস্পতিবাৰে নিশা মুখ্য সচিব মনোজ কুমাৰক বিষয়টোৰ ওপৰত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে মুখ্য সচিবে জিলা দণ্ডাধীশ গৰাকীক মাতি পথোৱাৰ লগতে এখন তদন্ত সমিতি গঠন কৰে ৷ অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো জাননী জাৰি কৰা হোৱা নাই ৷ জানিব পৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰেও বিষয়টোৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যাদৱক তেওঁৰ পদৰ পৰা আঁতৰাই বিষয়টোৰ তদন্ত কৰিব লাগে বুলি মন্তব্য কৰিছে ৷

উল্লেখ্য যে, এক গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিৰ মুখত আপত্তিজনক ভাষাৰ শুনাৰ লগতে এজন দায়িত্বশীল বিষয়াই অনুসৰণ কৰিব লগীয়া সাংবিধানিক সীমা আৰু নিয়মাৱলীৰ প্ৰতি অজ্ঞ হৈ থকাক লৈ জিলা দণ্ডাধীশ গৰাকী সামাজিক মাধ্যমৰ লগতে অন্যান্য মঞ্চটো তীব্ৰ নিন্দাৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক: টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.