নেশ্যেনেল ডেস্ক, 27 জানুৱাৰী: মধ্যপ্ৰদেশৰ বিদিশা নগৰত সংঘটিত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Suicide case in MP) ৷ অচিন ৰোগত আক্ৰান্ত হৈ থকা দুই সন্তানক বচাব নোৱাৰাৰ বাবে এটা পৰিয়ালে আত্মহননৰ পথ বাচি লয় ৷ এই ঘটনাৰ পূৰ্বে সামাজিক মাধ্যমত আত্মহত্যাৰ কাৰণ দৰ্শাই এক পোষ্ট কৰিছিল লোকজনে (Family committed suicide) ৷
ঘটনাৰ বিৱৰণী অনুসৰি বিদিশা নগৰ মণ্ডলৰ উপ-সভাপতি তথা বিজেপিৰ প্ৰাক্তন কৰ্পোৰেটৰ সঞ্জীৱ মিশ্ৰ (৪৫)ই তেওঁৰ পত্নী আৰু দুই পুত্ৰসহ বাস কৰিছিল ৷ তেওঁলোকৰ দুই পুত্ৰ দীৰ্ঘদিন ধৰি এক বিৰল আনুবংশিক ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁলোকে দুয়োটা সন্তানক সুস্থ কৰিবলৈ বহু ঠাইত চিকিৎসা কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল ৷
ইয়াৰে পিচত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সঞ্জীৱ মিশ্ৰই দুই পুত্ৰৰ অসুস্থতাৰ বাবে বিচলিত হৈ সামাজিক মাধ্যমত এক পোষ্ট কৰি উল্লেখ কৰে (Posted A Suicide Note On Social Media) যে "ঈশ্বৰে তেওঁৰ শত্ৰুৰ সন্তানকো দুৰাৰোগ্য ডুচেন মাস্কুলাৰ ডিষ্ট্ৰোফি (ডিএমডি) নামৰ অসুখত আক্ৰান্ত নকৰাওক ৷ আমি জীয়াই থাকিব নিবিচাৰো ৷ আমি আমাৰ দুই পুত্ৰক বচাব নোৱাৰো ৷ "
এই পোষ্টটো প্ৰত্যক্ষ কৰিয়েই তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লোকে সঞ্জীৱ মিশ্ৰৰ ঘৰলৈ গৈছিল ৷ স্থানীয়ে লোকে মিশ্ৰৰ ঘৰলৈ গৈ মিশ্ৰ, তেওঁৰ পত্নী নীলম (৪২) আৰু ১৩ আৰু ৭ বছৰ বয়সৰ দুজন পুত্ৰক অজ্ঞানভাৱে শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে (BJP leader wife their 2 sons commit suicide) ৷ লগে লগে লোকসকলে পৰিয়ালটোক জিলা চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ চিকিৎসালয় গৈ পোৱাৰ আগতেই পৰিয়ালটোৰ আটাইয়ে মৃত্যুক সাৱতি লৈছিল (BJP leader with family suicide)৷
এই ঘটনাৰ পিছতে হাস্পতালত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সংগ্ৰাহক উমাশংকৰ ভাৰ্গৱে সাংবাদিকক এই ৰোগৰটোৰ সন্দৰ্ভত কয় যে মিশ্ৰৰ দুই পুত্ৰ পেশীগত ডিষ্ট্ৰোফি নামৰ আনুবংশিক ৰোগত ভুগিছিল, এই ৰোগবিধক এক দুৰাৰোগ্য ৰোগ বুলি ধৰা হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি মিশ্ৰ, তেওঁৰ পত্নী আৰু দুয়ো সন্তানে ছালফাছ টেবলেট সেৱন কৰিছি ৷ ছালফাছ হৈছে এক কৃষিজাত ফুমিগেণ্ট। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰ যাদৱে জনোৱা অনুসৰি এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷
ডুচেন মাস্কুলাৰ ডিষ্ট্ৰোফি (ডিএমডি) (Duchenne muscular dystrophy) ৰোগ কি ?
ডুচেন মাস্কুলাৰ ডিষ্ট্ৰোফি (ডিএমডি) হৈছে এক আনুবংশিক ৰোগ ৷ যাৰ বিশেষত্ব হৈছে প্ৰগতিশীল পেশীৰ অৱক্ষয় আৰু ডিষ্ট্ৰোফিন নামৰ প্ৰ'টিনৰ পৰিৱৰ্তনৰ ফলত দুৰ্বলতা অহা, যি পেশীৰ কোষবোৰ অক্ষত ৰখাত সহায় কৰে । ডিএমডিক ডিষ্ট্ৰোফিনোপেথি বুলিও কোৱা হয়। এই ৰোগৰ অন্তৰ্ভুক্ত আন তিনিটা ৰোগ হৈছে বেকাৰ মাস্কুলাৰ ডিষ্ট্ৰোফি (বিএমডি, ডিএমডিৰ এক মৃদু প্ৰকাৰ); ডিএমডি আৰু বিএমডিৰ মাজত এক মধ্যৱৰ্তী নিদানিক প্ৰেজেণ্টেচন; আৰু ডি.এম.ডি.-সম্পৰ্কিত বিস্তাৰিত কাৰ্ডিওমায়োপেথি (হৃদৰোগ) । ডি.এম.ডি. লক্ষণ আৰম্ভ হোৱাটো শৈশৱৰ আৰম্ভণিতে হয় ৷ সাধাৰণতে 2 ৰ পৰা 3 বছৰ বয়সৰ ভিতৰত এই ৰোগত আক্ৰান্ত হয়। এই ৰোগটোৱে মুখ্যতঃ ল'ৰাক প্ৰভাৱিত কৰে ৷ কিন্তু বিৰল ক্ষেত্ৰত ই ছোৱালীক আক্ৰান্ত কৰিব পাৰে।
লগতে পঢ়ক: Republic day functions held in Kashmir: কটকটীয়া নিৰাপত্তাৰ মাজেৰে জম্মু কাশ্মীৰত গণৰাজ্য দিৱস উদযাপন