নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ : অহা ২০২৩ বৰ্ষত মধ্যপ্ৰদেশত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Assembly elections to be held in MP in 2023) । যাৰ বাবে এতিয়াৰে পৰা বিভিন্ন দলে ৰণনীতি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ বিশেষকৈ জনজাতীয় লোকসকলক আকৰ্ষণৰ চেষ্টা চলাইছে বিজেপি দলে (BJP tries to attract tribals in MP)।
উল্লেখ্য যে, মধ্যপ্ৰদেশৰ মহাকৌশল আৰু বিন্ধ্য অঞ্চলত গণ্ড জনজাতিৰ লোকসকল বাস কৰে আনহাতে মালৱা আৰু নিমাৰ অঞ্চলত ভিল আৰু ভিলালাসকলে বাস কৰে । ইফালে ৰাজ্যখনত আছে প্ৰায় ২৩ শতাংশ জনজাতীয় ভোটাৰ । তেওঁলোকৰ বাবে ৪৭ খন আসন সংৰক্ষিত আছে । এতিয়ালৈকে, জনজাতীয় ভোট বেংক কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে ।
যাৰ বাবে বিজেপিয়ে এতিয়া গুৰুত্বপূৰ্ণ জনজাতীয় ভোটাৰ সকলক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে । বৰ্তমান ক্ষমতাত থকা বিজেপিয়ে ইতিমধ্যে জনজাতীয়সকলক আকৰ্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । জনজাতীয় সম্প্ৰদায়ৰ নেতাসকলক সন্মান জনোৱাৰ বাবে উঠি পৰি লাগিছে বিজেপি ।
ছেপ্টেম্বৰত জবলপুৰত ৰাজা শংকৰ শ্বাহ আৰু ৰঘুনাথ শ্বাহৰ স্মৃতিত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য'ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিছিল । গণ্ড জনজাতিৰ লোকসকলৰ অন্যতম বসতি স্থান ভূপালৰ হাবিবগঞ্জ ৰেল ষ্টেচনক শেহতীয়াকৈ গণ্ড ৰাণী কমলাপতি ৰাণীৰ নামেৰে নামাকৰণ কৰা হৈছে । বিজেপি চৰকাৰে ভূপালত বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিছে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত আছিল । ইয়াৰ পাছত, দলটোৱে ভীল জনজাতিৰ যোদ্ধা তান্তিয়া ভিলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ইন্দোৰত আন এক কাৰ্যসূচীৰ আয়োজন কৰে ।
লক্ষণীয় বিষয়টো হ'ল যে কৃষকৰ প্ৰতিবাদৰ বাবে মধ্য প্ৰদেশৰ ২০২৩ চনৰ নিৰ্বাচন বিজেপিৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ হ'ব বুলি ধাৰণা কৰা হৈছে । যাৰ বাবে বিজেপিয়ে জনজাতীয় ভোটাৰক আকৰ্ষণৰ কোনো চেষ্টাই এৰি দিয়া নাই । ইফালে ২০১৮ চনত জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত বিধানসভাৰ বেছিভাগ আসনত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । সেয়েহে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হ'ব বুলি আশংকা কৰা হৈছে ।
লগতে পঢ়ক :Mega Victory Rally of BJP : বিজেপিৰ বিশাল বিজয় সমদল