আগৰতলা , 4 ছেপ্তেম্বৰ : বিজেপিৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আগন্তুক দুবছৰৰ ভিতৰত তৃণমূলে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব বুলি দাবী তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ নেত্ৰী সুস্মিতা দেৱৰ ৷ 15 দিনীয়া ভ্ৰমণসূচী লৈ ত্ৰিপুৰাত উপস্থিতি হোৱা All India Trinamool Congressৰ নেত্ৰীগৰাকীয়ে শুকুৰবাৰে তীব্ৰ বাক্যবাণেৰে শাসকীয় দল বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ 2018 চনত শাসনলৈ অহাৰ পাচৰে পৰা বিজেপি-আইপিএফটি(BJP-IPFT) নেতৃত্বাধীন চৰকাৰখনে বিগত তিনি বছৰৰো অধিক দিন ত্ৰিপুৰাৰ লোকসকলক বিশ্বাসঘাটকতা কৰি আহিছে বুলি দেৱে অভিযোগ উত্থাপন কৰে ৷
প্ৰাক্তন দলীয় সহকৰ্মী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দেৱে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজক প্ৰতাৰণা কৰা বুলি দেবে শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷ দেবে কয়, "মিছকল দিলেই চৰকাৰী চাকৰী দিয়া হ'ব বুলি যুৱকসকলক ড৹ শৰ্মাই দিয়া প্ৰলোভন ত্ৰিপুৰাৰ ৰাইজে পাহৰা নাই ৷ বিজেপিয়ে ২৪ ঘণ্টা বিদ্যুত, বিকশিত পথ আৰু ৰাইজৰ বাবে উন্নত সুবিধাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু, তেওঁলোকে কি দিলে ? যদিহে ত্ৰিপুৰাত তেওঁলোকৰ শাসন মূল্যায়ন কৰা যায় তেন্তে দেখিব যে একমাত্ৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাদে তেওঁলোকে একো দিয়া নাই ৷ তেওঁলোকে সপ্তম দৰমহা আয়োগৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কি পাইছে সেয়া চৰকাৰী কৰ্মচাৰীসকলে ভালদৰে জানে ৷"
লগতে পঢ়ক : Cyber Fraud : 2 লাখৰ আশাত 70,000 টকা হেৰুৱালে ত্ৰিপুৰাৰ এজন লোকে
ত্ৰিপুৰাত কংগ্ৰেছ চৰকাৰ(Congress government in Tripura) স্থাপনৰ ক্ষেত্ৰত নিজ পিতৃৰ ভূমিকাৰ কথা সোঁৱৰাই দি 2023 চনৰ নিৰ্বাচনত বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিবলৈ মমতা বেনাৰ্জী(Mamata Banerjee)য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও দেবে মন্তব্য কৰে ৷
ইফালে পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৱে তৃণমূলে ত্ৰিপুৰাত এখন inclusive government প্ৰদান কৰিব বুলি মন্তব্য আগবঢ়ায় ৷ তেওঁ কয়, "ত্ৰিপুৰাৰ ৰাইজে আমাৰ সপক্ষে ৰায়দান দিব ৷ ৰাজ্যখনত দলৰ ভেটি গঢ়াৰ বাবে সুস্মিতা দেৱ আছে ৷ প্ৰতিখন জিলাত ধৰ্মনগৰৰ পৰা খোৱাইলৈকে প্ৰতিটো খণ্ডত, আমি ৰাজ্যখনৰ বাবে কাম কৰিম ৷ " পূৰ্বৰ বাঁওমৰ্চা চৰকাৰৰ অযোগ্যতাৰ বাবেহে বিজেপিয়ে ত্ৰিপুৰাত ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ল বুলিও বসুৱে মন্তব্য কৰে ৷
লগতে পঢ়ক : তৃণমূলক খালী বাচনৰ সৈতে তুলনা মানিক সাহাৰ