ETV Bharat / bharat

পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বাবে টিএমচিক সমালোচনা বিজেপিৰ - পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি কৰ্মীসকলৰ দ্বাৰা সংঘটিত ব্যাপক হিংসাক বিজেপিৰ কেবাজনো নেতাই এই হিংসাৰ বাবে তৃণমূল কংগ্ৰেছক সমালোচনা কৰে । ইফালে, ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

BJP attacks Trinamool Congress for post-poll violence in Bengal
পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বাবে টিএমচিক সমালোচনা বিজেপিৰ
author img

By

Published : May 5, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, ৫ মে': পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি কৰ্মীসকলৰ দ্বাৰা সংঘটিত ব্যাপক হিংসাক বিজেপিৰ কেবাজনো নেতাই এই হিংসাৰ বাবে তৃণমূল কংগ্ৰেছক সমালোচনা কৰে । মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ আহে বিজেপি সভাপতি জে পি নাড্ডা ৷ শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) চৰকাৰে ৰাজ্যখনত দলীয় কৰ্মীসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পশ্চিমবংগত উপস্থিত হয় বিজেপি সভাপতিগৰাকী ৷

ইফালে, মংগলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে পুৱাই পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে । ৰাজ্যপাল জগদীপ ধনকাৰে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ।

BJP attacks Trinamool Congress for post-poll violence in Bengal
পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বাবে টিএমচিক সমালোচনা বিজেপিৰ

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্বাচনী হিংসাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা এক সঠিক প্ৰতিবেদন বিচাৰিছে য'ত বিৰোধী ৰাজনৈতিক কৰ্মীসকলক লক্ষ্য কৰি লোৱা হৈছে । উল্লেখ্য যে, পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলৰ ২৪ ঘণ্টাৰ ভিতৰত, ছয়জন বিজেপি কৰ্মীক হত্যা কৰাৰ লগতে বহুকেইগৰাকী কাৰ্যকৰ্তাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰো অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ।

একেদৰে, বাওঁ মৰ্চা আৰু অল ইণ্ডিয়া চেকুলাৰ ফ্ৰণ্টেও (এআইএছএফ) শাসকীয় দলৰ গুণ্ডাসকলে তেওঁলোকৰ কৰ্মীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁলোকৰ এই দাবীক শাসকীয় দল টিএমচিয়ে পোনচাতেই নাকচ কৰে ।

মংগলবাৰে বিজেপি সভাপতি জে পি নাড্ডাই হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিজেপি কৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক বৰ্গকো সাক্ষাৎ কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক তীব্ৰভাৱে বিজেপিয়ে গৰিহণা প্ৰকাশ কৰিছে ৷ ৰাজ্যখনৰ এনে পৰিস্থিতিৰ বাবে বিজেপিয়ে চিবিএইক পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ শীৰ্ষ আদালতত এখন আবেদন দাখিল কৰে । পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি কৰ্মীসকলৰ দ্বাৰা সংঘটিত ব্যাপক হিংসাৰ বিৰুদ্ধে বুধবাৰে দেশজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিয়ে ।

লগতে পঢ়ক: ৰিজাৰ্ভ বেংকে ২০ মে'ত ৩৫ হাজাৰ কোটি টকাৰ জি-ছেক ক্ৰয় কৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.