ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা - উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন

বিজেপিয়ে শনিবাৰে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে (BJP announces first candidate list for UP polls) ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ সলনি গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদৰী কৰে ৷

UP Polls
উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন
author img

By

Published : Jan 15, 2022, 4:38 PM IST

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : গেৰুৱা দল বিজেপিয়ে শনিবাৰে সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে (BJP announces first candidate list for UP polls) । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ সলনি গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদৰী কৰে ৷

সেই অনুসৰি, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৮ খন আসনৰ ভিতৰত বিজেপিয়ে ৫৭ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে । দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৫ খন আসনৰ প্ৰাৰ্থীসকলৰ নামো ঘোষণা কৰে দলটোৱে ৷

উত্তৰ প্ৰদেশ বিজেপিৰ দায়িত্ব বহন কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ সৈতে দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । প্ৰধানে এই সন্দৰ্ভত কয় যে, গোৰখপুৰৰ নিৰ্বাচনী প্ৰাৰ্থী যোগী আদিত্যনাথ হোৱাৰ বিপৰীতে চিৰাথুৰ পৰা উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷

উল্লেখ্য যে, যোগী আদিত্যনাথ গোৰখপুৰৰ পাঁচবাৰৰ লোকসভাৰ সদস্য আছিল ।

বিজেপিয়ে বিগত পাঁচ বছৰত উত্তৰ প্ৰদেশত কল্যাণমূলক কাৰ্য সাধন কৰাৰ লগতে সু-শাসন প্ৰদান কৰিছে ৷ ২০২২ চনৰ নিৰ্বাচনৰ জৰিয়তে উত্তৰ প্ৰদেশৰ ৰাইজে পুনৰ গেৰুৱা দলটোক আদৰি ল’ব বুলি প্ৰধানে সংবাদমেলখনত সদৰী কৰে ৷

আনহাতে, ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ যাৰ বাবে ইতিমধ্যে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যক প্ৰয়াগৰাজৰ চিৰাথুৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

ইয়াৰ বিপৰীতে শ্ৰীকান্ত শৰ্মাক মথুৰাৰ পৰা আৰু মৃগানকা সিঙক মথুৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । এটা কথা উল্লেখ কৰিব লাগিব যে, বৰ্তমানৰ 83 গৰাকী বিধায়কৰ ভিতৰত 63 গৰাকীক প্ৰদান কৰা হৈছে টিকট ৷ ইয়াৰ বাহিৰৰ টিকট প্ৰাপ্তসকল উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন মুখ ৷

লগতে চাওক: Armed Forces chiefs pay tribute at National War Memorial : দিল্লীৰ যুদ্ধ স্মাৰকত সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.