ETV Bharat / bharat

পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ অহা ওড়িশাৰ ব্যক্তি সন্ধানহীন - পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ উৰিষ্যাৰ বিৰজু কুলু সন্ধানহীন

শনিবাৰে নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছে ওড়িশাৰ বিৰজু কুলু । ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটোৱা ওড়িশাৰ কটংগাৰ বিৰজু কুলু বিগত বৰ্ষৰ নৱেম্বৰ মাহত স্ব-গৃহত উপস্থিত হৈছিল । চোৰাংচোৱা বুলি সন্দেহ কৰি পাকিস্তানত কাৰাদণ্ড বিহিছিল ৫০ বছৰীয়া বিৰজুক ।

পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ অহা ওড়িশাৰ ব্যক্তি সন্ধানহীন

author img

By

Published : Jan 4, 2021, 4:34 PM IST

Updated : Jan 4, 2021, 4:57 PM IST

নিউজ ডেস্ক, ৪ জানুৱাৰী: শনিবাৰৰ পৰা সন্ধান নাই ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটাই স্বদেশলৈ উভতি অহা বিৰজু কুলুৰ । বিগত বৰ্ষৰ নৱেম্বৰ মাহত ওড়িশাৰ কটংগাৰ স্ব-গৃহত উপস্থিত হৈছিল বিৰজু । শনিবাৰে নিশা ৫০ বছৰীয়া বিৰজু কুলু পুনৰ নিৰুদ্দিষ্ট হয় । দেওবাৰে তেওঁৰ ভগ্নীয়ে কুট্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰে । তেওঁৰ ভগ্নী টেট্ৰেচ কুলুৱে কয় যে,বিৰজু শনিবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ আছে ।

আৰক্ষী,পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজে বিচাৰ-খোচাৰ কৰে যদিও তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় । জ্যেষ্ঠ চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে,পাকিস্তানৰ কাৰাগাৰত ২০ বছৰ থাকি ওড়িশাৰ কটংগাৰলৈ উভতি অহাৰ দিনা গাঁওবাসীয়ে বিৰজুক উষ্ম আদৰণি জনাইছিল । মানসিক অস্থিৰতাতো ভুগি থকা বিৰজুৱে পাকিস্তানৰ সীমান্তত বাট হেৰুৱাইছিল আৰু ইয়াৰ পিছতে তেওঁক চোৰাংচোৱা বুলি সন্দেহ কৰি শাস্তি প্ৰদান কৰা হৈছিল ।

লাহোৰৰ কাৰাগাৰত ২০ বছৰ কাৰাবন্দীৰ জীৱন কটাই বিগত বৰ্ষৰ নৱেম্বৰ মাহত স্বদেশলৈ উভতি আহিছিল। পিছত ওড়িশাৰ সুন্দৰগড় জিলাত থকা জন্মগাঁও জংগাতেলীত উপস্থিত হোৱাত শতাধিক লোকে ছদ্ৰী ভাষাৰ গীত পৰিৱেশন কৰি,নৃত্য কৰি তেওঁক আদৰণি জনায় ।

লগতে পঢ়ক:ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

Last Updated : Jan 4, 2021, 4:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.