ETV Bharat / bharat

কোন বহিব মণিপুৰৰ ৰাজ সিংহাসনত ? - BJP secured majority in Manipur

বিধানসভা নিৰ্বাচনত মণিপুৰত (Manipur assembly election) বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছে যদিও, বৰ্তমানলৈকে ঘোষণা হোৱা নাই মুখ্যমন্ত্ৰীৰ নাম ৷ বুধবাৰে বিজেপিয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে ৷

Biren Singh likely to be Manipur CM say source

author img

By

Published : Mar 15, 2022, 7:52 PM IST

নিউজ ডেস্ক, 15 মাৰ্চ: বুধবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিব মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম (New CM of Manipur)৷ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনত 60 খন আসনৰ ভিতৰত 32 খন আসন লাভ কৰিছে (BJP secured majority in Manipur) ৷ সংখ্যা গৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে দলটোক প্ৰয়োজন আছিল 31 খন আসনৰ ৷ সূত্ৰ অনুসৰি, মণিপুৰ ৰাজ্যিক বিজেপিৰ সভাপতি সাৰদা দেৱী, বৰ্তমানৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং, ঠঙাম সমষ্টিৰ বিধায়ক বিশ্বজিৎ সিঙে দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰে মিলিত হোৱাৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰী পদৰ সম্ভাব্য প্ৰাৰ্থী সন্দৰ্ভত আলোচনাত মিলিত হৈছিল ৷

বুধবাৰে তিনিওগৰাকী নেতা ইম্ফললৈ ওভতি আহিব ৷ এক সূত্ৰই প্ৰকাশ কৰিছে যে, মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত পুনৰবাৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে এন বিৰেন সিং ৷ বিষ্ণুপুৰ, কাকচিং, নুংবা, তামেংলং, পশ্চিম ইম্ফল আৰু পূৱ ইম্ফল সমষ্টিৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষ সূত্ৰটোৱে ৷

২০০২ চনৰ নিৰ্বাচনত হেইগেং বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় এন বিৰেন সিং । ইয়াৰ পিছৰ বছৰতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দি ৰাজ্যৰ ভিজিলেন্স বিভাগৰ‌ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে ।

এই ৰাজনৈতিক সিদ্ধান্ত বিৰেন সিঙৰ বাবে কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল । ২০০৭ চনৰ বিধানসভাৰ নিৰ্বাচনতো তেওঁ বিপুল ভোটত জয় লাভ কৰি জলসিঞ্চন, বান নিয়ন্ত্ৰণ, যুৱ বিকাশ‌ আদি কেইবাটাও বিভাগৰ মন্ত্ৰীত্ব লাভ কৰে । কিন্তু ২০১৬ চনত তেওঁ মুখ্যমন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰে আৰু সেই চনৰে ১৭ অক্টোবৰত ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে ।

বিজেপিৰ মজিয়াৰ পৰাও বিজয়ৰ ধাৰা অব্যাহত ৰাখি ২০১৭ চনৰ নিৰ্বাচনত পুনৰ একেটা সমষ্টিৰ জয় লাভ‌ কৰি‌ বিধানসভাৰ মজিয়াত দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈ ১৫ মাৰ্চত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় । কেৱল সেয়ে নহয়, ২০২০ চনত ১৭ জুনত সাত গৰাকী বিধায়কে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ হুংকাৰ দিছিল ৷

কিন্তু ঘটনাক্ৰমে কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কে বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাত ৰাজনৈতিক পৰিস্থিতি বিৰেন সিঙৰ পক্ষলৈহে যায় । এই ঘটনাই ৰাজ্য ৰাজনীতিত বিৰেন সিঙৰ স্থিতি অধিক মজবুত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.