ETV Bharat / bharat

বিহাৰৰ আইএএছ বিষয়াৰ চেনিটাৰী পেড সন্দৰ্ভত অসংবেদনশীল মন্তব্য - Menstrual hygiene important

ইউনিচেফৰ সহযোগত বিহাৰত 'সবল কন্যা, সমৃদ্ধ বিহাৰ' সন্দৰ্ভত এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাত, WCDC MD-ৰ এক অসংবেদনশীল মন্তব্যই সকলোকে হতবাক কৰে (Bihar WCDC MD irresponsible remarks) ।

bihar
bihar
author img

By

Published : Sep 29, 2022, 2:19 PM IST

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : বিহাৰৰ ৰাজধানী পাটনাত মহিলা আৰু শিশু বিকাশ নিগমে ইউনিচেফৰ (UNICEF) সহযোগত 'সবল কন্যা, সমৃদ্ধ বিহাৰ'ৰ (empowered daughters prosperity Bihar programme) বিষয়ত এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰে । উক্ত কৰ্মশালাত বহুতো শিক্ষাৰ্থী উপস্থিত থাকে ।

কাৰ্যসূচীত চৰকাৰী বিষয়াসকলে নাৰী সবলীকৰণৰ বিষয়ে আলোচনা কৰি থকাৰ সময়তে অনুষ্ঠানটোত উপস্থিত থকা শিশু বিকাশ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হৰজ্যোত কৌৰ বামৰাই (Bihar WCDC MD irresponsible remarks) এগৰাকী ছাত্ৰীক দিয়া এক উত্তৰত সকলো হতবাক হৈ পৰে । লগতে তাত উপস্থিত থকা লোকসকল তেওঁৰ কথা শুনি আচৰিত হৈ পৰে । এগৰাকী ছাত্ৰীয়ে যেতিয়া চেনিটাৰী পেডৰ (sanitary pads) দাবী কৰে, তেতিয়া তেওঁ জিন্স পেণ্ট, জোতা আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে এক অপ্ৰাসংগিক কথা উল্লেখ কৰে । যাৰ বাবে সকলোৱে হতবাক হয় ।

আইএএছগৰাকীয়ে দিয়ে এক অযৌক্তিক উত্তৰ (Bihar IAS absurd answer) : মহিলা আৰু শিশু বিকাশ নিগমৰ (Women and Child Development Corporation) পৰিচালন সঞ্চালক হৰজ্যোত কৌৰ বামৰাই সবল কন্যা, সমৃদ্ধ বিহাৰ অভিযানত যুৱতীসকলৰ কিছুমান প্ৰশ্নৰ দায়িত্বজ্ঞানহীন আৰু অসংবেদনশীল উত্তৰ দিয়ে । যিবোৰ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ আছে । পাটনাৰ কমলা নেহৰু নগৰৰ এগৰাকী ছাত্ৰী প্ৰিয়াই এক প্ৰশ্ন সুধিছিল যে চৰকাৰে যিহেতু সকলো দিয়ে, তেনে ক্ষেত্ৰত বিদ্যালয়সমূহক 20-30 টকাৰ চেনিটাৰী পেড কিয় দিব নোৱাৰে । এই প্ৰশ্নটোৰ উত্তৰত মহিলা আৰু শিশু বিকাশ নিগমৰ এমডি হৰজ্যোত কৌৰে দিয়া ব্যাখ্যাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা লোকসকলক স্তম্ভিত কৰি তোলে ।

"আজি আপোনালোকে চেনিটাৰী পেড বিচাৰিছে, কাইলৈ জিনছ পেণ্ট বিচাৰিব । পৰহিলৈ ধুনীয়া জোতা আৰু শেষত বিনামূলীয়াকৈ পৰিয়াল পৰিকল্পনাৰ উপায় বিচাৰিব । আপোনালোকে কিয় এয়া চৰকাৰৰ পৰা ল'ব লাগে । এই চিন্তাধাৰা ভুল আৰু নিজে কিবা এটা কৰিব লাগে ।" হৰজ্যোত কৌৰ বামৰাই উত্তৰত কয় ।

যুৱতীগৰাকীক পাকিস্তানলৈ যাবলৈ পৰামৰ্শ (Advice to go Pakistan) : মিলাৰ স্কুলৰ এগৰাকী ছাত্ৰীয়ে এই প্ৰশ্নটো সুধিছিল যে বিদ্যালয়ত ছোৱালীসকলৰ প্ৰস্ৰাৱগাৰ ভাঙি গৈছে আৰু ল'ৰাবোৰে প্ৰায়ে তাত প্ৰৱেশ কৰে । এনে পৰিস্থিতিত তেওঁলোকে কম পানী খায় যাতে তেওঁলোক প্ৰস্ৰাৱগাৰলৈ যাব নালাগে । এই সন্দৰ্ভতো হৰজ্যোত কৌৰে কয় যে আপোনাৰ ঘৰত পৃথক শৌচালয় আছে । কিন্তু যদি আপুনি সকলো ঠাইতে পৃথককৈ বহু কিবা বিচাৰে তেন্তে সেয়া কেনেদৰে হ'ব ।

তেওঁ কয় যে চৰকাৰে নাৰীসকলক আৰ্থিকভাৱেও সহায় কৰি আছে আৰু নাৰী সবলীকৰণৰ বাবে বহুতো কাৰ্যসূচী চলাই আছে (programs for empowerment of girls) । ইয়াৰ পিছত এগৰাকী যুৱতীয়ে সোধে যে চৰকাৰে এই কাৰণে টকা দিব লাগে, কিয়নো আমাৰ পৰা ভোট বিচাৰি আহে । এই সন্দৰ্ভত হৰজ্যোত কৌৰে কয় যে এয়া মুৰ্খামি । 'যদি আপুনি ধনৰ সলনি ভোট দিয়ে, তেন্তে পাকিস্তানলৈ যাওক' । এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয় যে 'মই হিন্দুস্তানী, কিয় মই মই পাকিস্তানলৈ যাব লাগে ।'

ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা গুৰুত্বপূৰ্ণ (Menstrual hygiene important) : চিকিৎসকসকলেও কয় যে ছোৱালীসকলৰ উন্নত স্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে প্ৰতিখন বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয় থাকিব লাগে, এইটোও প্ৰয়োজনীয় যে তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত ভাল মানদণ্ডৰ চেনিটাৰী পেড পাব লাগে, কিয়নো এই সময়ত লেতেৰা কাপোৰ ব্যৱহাৰৰ ফলত শৰীৰত বহু প্ৰকাৰৰ সংক্ৰমণ বিয়পে ।

এনএফএইচএছ 5 (NFHS 5) প্ৰতিবেদনে লগতে নিশ্চিত কৰিছে যে বিহাৰৰ দৰিদ্ৰ আৰু পিছপৰা অঞ্চলৰ মহিলাসকলৰ মাজত ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা অতি শোচনীয়, যাৰ ফলত মহিলাসকল বহু প্ৰকাৰৰ সংক্ৰামক ৰোগত ভুগিবলগা হয় ।

লগতে পঢ়ক :দ্বাদশবাৰলৈ বিনা প্ৰতিদ্বন্দিতাৰে আৰজেডিৰ সভাপতি নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.