ETV Bharat / bharat

বিহাৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা, পঢ়ক সবিশেষ...

author img

By

Published : Nov 11, 2020, 5:11 AM IST

Updated : Nov 11, 2020, 5:31 AM IST

অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশজুৰি চৰ্চাৰ বিষয় হৈ থকা তথা বিহাৰৰ জনসাধাৰণৰ লগতে দেশৰ ৰাজনৈতিক মহলক উৎকণ্ঠিত কৰি ৰখা বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে পালেহি চূড়ান্ত পৰ্যায় ৷

BIHAR ELECTION FINAL VERDICT
বিহাৰ নিৰ্বাচনৰ চুড়ান্ত ফলাফল ঘোষণা, পঢ়ক সবিশেষ...

নিউজ ডেস্ক, 11 নৱেম্বৰ : অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশজুৰি চৰ্চাৰ বিষয় হৈ থকা তথা বিহাৰৰ জনসাধাৰণৰ লগতে দেশৰ ৰাজনৈতিক মহলক উৎকণ্ঠিত কৰি ৰখা বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে পালেহে চূড়ান্ত পৰ্যায় ৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ মুঠ 243খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে ৷ বিহাৰৰ নিৰ্বাচনত পুনৰ এবাৰ NDA ই সংখ্যাগৰিষ্ঠ আসন লাভ কৰে ৷ আনহাতে RJD সবাতোকৈ বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে ৷

নীতিশ কুমাৰৰ নেতৃত্বত থকা NDA ই মুঠ 125 খন আসনত জয়ী হৈ জয়লাভ কৰিছে ৷ NDA ত অন্তৰ্ভুক্ত বিজেপিয়ে 74খন আসন, JDU য়ে 43 খন, হিন্দুস্তান আৱাম মৰ্চা তথা বিকাশশীল ইন্সান পাৰ্টীয়ে 4-4 খন আসন লাভ কৰে ৷

ইফালে মহাজোঁটবন্ধনে তীব্ৰ যুঁজ দিও চৰকাৰ বনোৱাৰ দৌৰৰ পৰা বাহিৰ হবলগীয় হয় ৷ RJD নেতা তেজস্বীৰ নেতৃত্বত মহাজোঁটবন্ধনে মুঠ 110 খন আসনত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ মহাজোঁটবন্ধনৰ RJD য়ে 75, কংগ্ৰেছ 19, চিপিআই(এম.এল) 12, চিপিএম আৰু চিপিআইয়ে দুখন-দুখন আসন লাভ কৰে ৷

আনহাতে AIMIM য়ে পাঁচখন আসনত বিজয় সাব্যস্ত কৰে ৷ বহুজন সমাজবাদী পাৰ্টী আৰু এলজেপিয়ে এখনকৈ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

Last Updated : Nov 11, 2020, 5:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.