নেশ্যনেল ডেস্ক, ৩অক্টোবৰ: বিহাৰত এজন আৰক্ষীয়ে সংঘটিত কৰিলে নিৰ্লজ্জ কাণ্ড ৷ নিশা কৰ্তব্যত ব্যস্ত থকা ভগলপুৰ আৰক্ষী থানাৰ এজন আৰক্ষীয়ে চুৰি কৰিলে এঘৰৰ এখন টেবুল ফেন ( Cop on night patrol leaves with table fan in Bhagalpur) ৷ এই সমগ্ৰ ঘটনা বন্দী হয় ঘৰটোত থকা চিচি টিভি কেমেৰাত ৷
চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতেই চুৰি হোৱা ঘৰখনৰ স্বত্বাধিকাৰী সুবোধ চৌধুৰীয়ে এজাহাৰ দাখিল কৰিবলৈ ভগলপুৰ আৰক্ষী থানালৈ যায় ৷ তেতিয়াই তেওঁ ঘটনাৰ প্ৰমাণ হিচাপে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক চিচি টিভি কেমেৰাৰ ফুটেজসমূহ দেখুৱায় ৷
চিচিটিভি কেমেৰাৰ ফুটেজসমূহ (CCTV camera footage) দেখি থানাৰ সকলো আচৰিত হোৱাৰ লগতে লাজো অনুভৱ কৰিছিল ৷ ঘটনা অনুসৰি, বিগত 26 ছেপ্টেম্বৰত ভগলপুৰ জিলাৰ ঢোলবাজ্জা অঞ্চলত আৰক্ষীয়ে নিশা টহলৰ ব্যৱস্থা কৰিছিল ৷
তেতিয়াই টহলদাৰী আৰক্ষীজনে নিশা কৰ্তব্যত থাকোতে সুবোধ চৌধুৰীৰ ঘৰৰ বাহিৰত থকা টেবুল ফেনখন প্ৰত্যক্ষ কৰি আৰক্ষীৰ বাহনখনত ফেনখন উঠাই দ্ৰুতগতিত সেই স্থানৰ পৰা আঁতৰি গৈছিল (policeman Stole table fan kept outside a house) ৷ সম্প্ৰতি আৰক্ষীয়ে টেবুল ফেনখন সুবোধ চৌধুৰীক গতাই দিয়ে ৷ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: National Herald case: এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ EDৰ চমন