ETV Bharat / bharat

কেবিনেটৰ বিভিন্ন বিভাগৰ বিষয়বাব বিতৰণ বিহাৰৰ মুখ্যমন্ত্ৰীৰ - কুমাৰৰ সৈতে শপত গ্ৰহণ 14 গৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়কৰ

কেবিনেটৰ বিভিন্ন বিভাগৰ বিষয়বাব বিতৰণ বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰৰ ৷ কুমাৰৰ সৈতে 14 গৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়কেও শপত গ্ৰহণ কৰে ৷

নিতিশ কুমাৰ
কেবিনেটৰ বিভিন্ন বিভাগৰ বিষয়বাব বিতৰণ বিহাৰৰ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Nov 18, 2020, 9:24 AM IST

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ : সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নিতিশ কুমাৰে ৷ কুমাৰৰ সৈতে 14 গৰাকী কেবিনেট মন্ত্ৰী আৰু বিধায়কেও শপত গ্ৰহণ কৰে ৷ মঙলবাৰে কেবিনেট মন্ত্ৰীসকলক বিভিন্ন বিভাগৰ বিষয়বাবসমূহ বিতৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰী নিতিশ কুমাৰে নিজৰ হাতত ৰাখে পাঁচটাকৈ বিভাগৰ দায়িত্ব ৷

নিতিশ কুমাৰ, মুখ্যমন্ত্ৰী

নিতিশ কুমাৰৰ দায়িত্বত আছে সাধাৰণ প্ৰশাসন, গৃহ বিভাগ, কেবিনেট সচিব, নিৰ্বাচন বিভাগ আৰু তত্বাৱধায়ক বিভাগ ৷ ইয়াৰোপৰি, বৰ্তমানলৈকে বিতৰণ নকৰা বহুকেইটা বিভাগো তেওঁৰ দায়িত্বতে থাকিব ৷

তাৰকিশোৰ প্ৰসাদ, উপ মুখ্যমন্ত্ৰী

নিতিশ কুমাৰ চৰকাৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে তাৰকিশোৰ প্ৰসাদে ৷ তেওঁৰ দায়িত্বত আছে বিত্ত বিভাগ, বাণিজ্য আৰু কৰ বিভাগ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, তথ্য আৰু প্ৰযু্ক্তিবিদ্যা বিভাগ, দূৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ কল্যাণ বিভাগ আৰু গৃহ নিৰ্মাণ বিভাগ ৷

ৰেনু দেৱী, উপ মুখ্যমন্ত্ৰী

বিহাৰৰ প্ৰথমগৰাকী মহিলা উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে ৰেনু দেৱীয়ে ৷ তেওঁক প্ৰদান কৰা হৈছে তিনিটা বিভাগৰ দায়িত্ব ৷ পঞ্চায়তীৰাজ, পিছপৰা শ্ৰেণী আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু উদ্যোগ বিভাগৰ দায়িত্ব লাভ কৰিছে ৰেনু দেৱীয়ে ৷

বিজয় কুমাৰ চৌধাৰী

বিজয় কুমাৰ চৌধাৰীয়ে লাভ কৰিছে পাঁচটা বিভাগৰ দায়িত্ব ৷ এই বিভাগকেইটা হৈছে গাঁও অঞ্চলৰ কাম, সংসদীয় বিভাগ, জল সম্পদ, গাঁও উন্নয়ন আৰু তথ্য আৰু জনসম্পৰ্ক ৰক্ষা বিভাগ ৷

বিজেন্দ্ৰ প্ৰসাদ যাদৱ

মুখ্যমন্ত্ৰী কুমাৰৰ কেবিনেটৰ জ্যেষ্ঠ সদস্য বিজেন্দ্ৰ প্ৰসাদ যাদৱে লাভ কৰিছে শক্তি বিভাগ, মদ্যপান নিষেধ, সামগ্ৰী আৰু পঞ্জীয়ন বিভাগ, পৰিকল্পনা আৰু উন্নয়ন বিভাগ আৰু খাদ্য আৰু উপভোক্তাৰ সুৰক্ষা বিভাগ ৷

অশোক চৌধাৰী

অশোক চৌধাৰীক গৃহ নিৰ্মাণ, সামাজিক উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সংখ্যালঘূ উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে ৷

মেৱালাল চৌধাৰী

মেৱালাল চৌধাৰীৰ দায়িত্বত আছে এক গুৰুত্বপূৰ্ণ বিভাগ - শিক্ষা বিভাগ ৷

শীলা কুমাৰী

ৰাজ্যিক পৰিৱহন বিভাগৰ দায়িত্বত থাকিব শীলা কুমাৰী ৷

সন্তোষ কুমাৰ সুমন

সন্তোষ কুমাৰ সুমনে লাভ কৰিছে সৰু জল সম্পদ আৰু অনুসূচিত জাতি/জনজাতি কল্যাণ বিভাগৰ দায়িত্ব ৷

মংগল পাণ্ডে

বিহাৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্ব পুনৰবাৰ লাভ কৰিছে মংগল পাণ্ডেই ৷ ইয়াৰোপৰি, দুটা আৰু গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছে পাণ্ডেই ৷ কলা, সংস্কৃতি আৰু যুৱ বিভাগ আৰু পথ নিৰ্মাণ বিভাগৰো দায়িত্ব লাভ কৰিছে তেওঁ ৷

অমৰেন্দ্ৰ প্ৰতাপ সিং

নতুন চৰকাৰত কোনে কৃষি বিভাগৰ দায়িত্ব লাভ কৰিব সেই সম্পৰ্কত বিভিন্ন জল্পনা-কল্পনা চলি আছিল ৷ এই দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে অমৰেন্দ্ৰ প্ৰতাপ সিঙে ৷ ইয়াৰোপৰি, তেওঁ লাভ কৰিছে সহযোগিতা আৰু কুঁহিয়াৰ উদ্যোগৰ দায়িত্ব ৷

মুকেশ চাইনী

মুকেশ চাইনীক প্ৰদান কৰা হৈছে জন্তু আৰু মৎস্য সম্পদ বিভাগৰ দায়িত্ব ৷

ৰামপ্ৰীত পাছৱান

ৰামপ্ৰীত পাছৱানক প্ৰদান কৰা হৈছে নাগৰিক স্বাস্থ্য বিভাগৰ দায়িত্ব ৷

জিবেশ কুমাৰ

জিবেশ কুমাৰক প্ৰদান কৰা হৈছে শ্ৰমিক সম্পদ, পৰ্যটন আৰু খনন বিভাগৰ দায়িত্ব ৷

ৰাম সুৰত ৰায়

ৰাজহ আৰু ভূমি সংশোধন আৰু আইন বিভাগৰ দায়িত্ব লাভ কৰিছে ৰাম সুৰত ৰায়ে ৷

লগতে পঢ়ক : ভাৰত-কানাডা দ্বিপাক্ষিক চুক্তি সম্পৰ্কত দৃঢ়তা প্ৰকাশ জয়শংকৰ, চেম্পেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.