ETV Bharat / bharat

Ningol Chakkouba festival: হিংসাজৰ্জৰ মণিপুৰত এইবাৰ উদযাপন নহয় আদৰৰ উৎসৱ নিংগল চকৌবা ! - Ningol Chakkouba image

এতিয়াও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰ ৷ গোষ্ঠী হিংসাত জৰ্জৰিত ৰাজ্যখনত এই হিংসাৰ প্ৰভাৱ পৰিছে পৰম্পৰাগত উৎসৱতো ৷ প্ৰায় সংখ্যক লোকেই আদৰৰ উৎসৱ নিংগল চকৌবা উদযাপন নকৰাৰ সিদ্ধান্ত লৈছে ৷

Ningol Chakkouba
Manipur Violence
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:46 PM IST

তেজপুৰ, ১৯ অক্টোবৰ: মণিপুৰত অব্যাহত থকা গোষ্ঠী সংঘাতৰ মাজতে মণিপুৰী মহিলাসকলে উদযাপন কৰা আটাইতকৈ ডাঙৰ আৰু উল্লেখযোগ্য উৎসৱ নিংগল চকৌবা এইবাৰ উচাহ-উদ্দীপনাৰে পালন নকৰাৰ আশংকাই দেখা দিছে পাইছে । এইবাৰ ৰাজ্যখনৰ বহু ব্যক্তি আৰু স্থানীয় সংগঠনে হিংসাৰ ফলত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে এই উৎসৱত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ।

পৰম্পৰাগতভাৱে ১৫ নৱেম্বৰত উদযাপন কৰা নিংগল চাকৌবাত দেখা যায় যে মেইটেই মহিলাসকলে বিশেষকৈ বিবাহিতসকলে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি জন্মগৃহলৈ উভতি আহি পিতৃ-মাতৃ আৰু ভাই-ভনীৰ সৈতে আড়ম্বৰপূৰ্ণ ভোজত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত পিতৃ-মাতৃ আৰু ভাই-ভনীৰ পৰা বিভিন্ন উপহাৰ তথা আশীৰ্বাদ দিয়াৰ এক নিয়ম আছে ৷ তাৰ পিচত নিংগোল (মহিলা)সকলে উচাহেৰে ঘৰলৈ উভতি যায় । এই শুভ দিনটোত সংগীত কনচাৰ্ট আৰু শ্বুমাং লীলাকে (চোতাল থিয়েটাৰ) ধৰি বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীও অনুষ্ঠিত হয় ।

উল্লেখ্য যে ৩ মে’ত উদ্ভৱ হোৱা জাতিগত সংঘাতত ১৭৫ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে, ১১০৮ জন লোক আহত হৈছে আৰু প্ৰায় ৬০ হাজাৰ লোকে গৃহহীন হৈ সাহায্য শিবিৰত আশ্ৰয় লৈছে । হাজাৰ হাজাৰ ঘৰ আৰু অন্যান্য সম্পত্তি ধ্বংস হোৱাৰ ফলত সাধাৰণতে আনন্দময় নিংগল চাকৌবাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে ।

ইম্ফল পশ্চিম জিলাৰ থাংমেইবন্দৰ বাসিন্দা চাইখোম অংবি টম্বি দেৱীয়ে প্ৰকাশ কৰে যে, “আমাৰ ৰাজ্যত হিংসা নহ’লে আমি ইতিমধ্যে আমাৰ বিবাহিত ছোৱালী আৰু মৰমৰ নিংগল (মহিলা)সকলৰ সৈতে পৰিয়ালৰ ভোজৰ বাবে মাছৰ ব্যঞ্জনৰ পৰা আৰম্ভ কৰি উপহাৰলৈকে সকলো পৰিকল্পনা কৰিলোহেঁতেন ।”

তেওঁ লগতে কয়, “যিহেতু সংঘাতত শোকসন্তপ্ত পৰিয়ালসমূহ নিজৰ আপোনজন নিহত, আহত হোৱাৰ বাবে শোকবিহ্বল হৈ আছে, যেতিয়া মানুহে নিজৰ ঘৰ-বাৰী হেৰুৱাই এতিয়া সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে আৰু যেতিয়া আনসকলে ৰাজহুৱা অশান্তিৰ ফলত ভুগিছে, তাত নিংগল চকৌবাত কোনো আনন্দ নাথাকিব । সেয়েহে আমি এইবাৰ উৎসৱ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ।”

একেধৰণৰ আৱেগ ব্যক্ত কৰি ইম্ফল পূব জিলাৰ প্ৰেমজিৎ সিঙে প্ৰকাশ কৰে যে তেওঁৰ এই বছৰ চকৌবা উদযাপনৰ কোনো প্ৰৱণতা নাই আৰু তেওঁ বিবাহিত ভগ্নীসকলক নিমন্ত্ৰণ নকৰাৰ সিদ্ধান্ত ।

একেখন জিলাৰ কনবা লাইশ্ৰম লেইকাইৰ এগৰাকী প্ৰাক্তন সাংবাদিক কেইশ্বাম অংবি অৰুণায়ো এই কথাত সন্মতি প্ৰকাশ কৰি কয়, “মণিপুৰী মহিলাসকলৰ বাবে উলাহ আৰু আনন্দৰ উৎসৱ চকৌবা উদযাপন কৰাটো অনুচিত বুলি অনুভৱ হয় ৷ যিহেতু ইমানবোৰ মানুহ সংঘাতৰ দ্বাৰা প্ৰভাৱিত হৈ আছে । তদুপৰি বহু অসামৰিক সংস্থাই আগন্তুক চকৌবাক ত্যাগ কৰিবলৈ আবেদন জনাইছে । ভুক্তভোগীৰ সৈতে সংহতি স্বৰূপে আমি এইবাৰ উদযাপন নকৰো ।”

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেইটেইৰ বিশিষ্ট নাগৰিক সংস্থা ৱৰ্ল্ড মেইটেই কাউন্সিলে (WMC) বিশ্বৰ সকলো সম্প্ৰদায়ৰ সদস্যক সংঘাতৰ বলি হোৱা লোকসকলৰ সৈতে সংহতিৰে থিয় দিবলৈ আৰু এই বছৰ ‘নিংগোল চাকৌবা’ উদযাপনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । ডব্লিউ এম চিয়ে উল্লেখ কৰে যে বৰ্তমানৰ এই সংঘাতে ১৮১৯ চনৰ পৰা ১৮২৬ চনলৈকে বাৰ্মাই মণিপুৰ আক্ৰমণৰ পিছত মেইটেইসকলে অনুভৱ নকৰা ব্যাপক ধ্বংসৰ সৃষ্টি কৰিছে ।

এই সংকটৰ ফলত বহু লোকৰ প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ পৰিয়ালৰ স্থানচ্যুতি ঘটিছে ৷ বিশেষকৈ চুৰাচাণ্ডপুৰ, টেংগনৌপালৰ মৰেহ, কাংপকপি আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া জিলাসমূহত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ।

কাকচিং জিলাৰ কাকচিং খুনৌকে ধৰি কেইবাটাও স্থানীয় অসামৰিক সংস্থাই ভুক্তভোগীৰ সৈতে সংহতিৰ স্বাৰ্থত নিংগল চকৌবা আৰু অন্যান্য উৎসৱ স্থগিত ৰখাৰ আহ্বান জনাইছে । যি সময়ত আক্ৰান্তসকলৰ দুখ আৰু যন্ত্ৰণাৰ অংশীদাৰ হোৱাটো অতি প্ৰয়োজনীয়, সেই সময়ত উৎসৱবোৰ ঠাইৰ বাহিৰত যেন লাগে ।

কাকচিং খুনৌৰ আহ্বায়ক এছ টম্বাই জোৰ দি কয়, “যেতিয়া সংকটৰ বাবে হাজাৰ হাজাৰ লোকে যন্ত্ৰণা আৰু দুখ-কষ্টৰ মাজেৰে দিন পাৰ কৰি আছে, তেতিয়া নিংগল চাক’বা উদযাপন কৰাটো উপযুক্ত সময় নহয় ।”

এক ঐক্যবদ্ধ ফ্ৰণ্টত ইম্ফল ইষ্টৰ ক্যামগেই অঞ্চলৰ দুটা সংস্থা দ্য পিচ এণ্ড ইনটিগ্ৰিটি কমিটি কিয়ামগেই (পিআইচিকে) আৰু অল কিয়ামগেই নুপি চাওখাট থৌৰাং লুপে (একেএনচিটিএল) এই বছৰ নিংগল চকৌবা উদযাপন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে যাতে ভুক্তভোগী জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰিব পাৰে ৷

অসমৰ সীমান্তৱৰ্তী জিৰিবাম জিলাত তিনিটা স্থানীয় সংস্থা জিৰি ইমা মেইৰা পাইবি অপুনবা লুপ (জিম্পাল), জিৰি ডেভেলপমেণ্ট অৰ্গেনাইজেচন (জেডিঅ’) আৰু ইউনাইটেড জিৰি ইউথ লীগে (ইউজেৱাইএল) জিলাখনৰ বাসিন্দাসকলক ৰাজ্যখনৰ চলি থকা বিশৃংখল পৰিস্থিতিৰ বাবে নিংগোল চকৌবাকে ধৰি দুৰ্গা পূজা, ইমা পান্থোইবি এৰাট থৌৰাম, দীপাৱলী আদি উদযাপনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: Manipur ethnic strife : যোৱা ৪ মাহত মণিপুৰত ১৭৫ জনৰ মৃত্যু; ১১০৮ গৰাকী আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.