নেশ্যনেল ডেস্ক,১৪ আগষ্ট : দেশৰ শীৰ্ষ বিনিয়োগকাৰী তথা আকাছা এয়াৰৰ (Akasa Air) প্ৰতিষ্ঠাপক ৰাকেশ ঝুনঝুনৱালাৰ দেহাৱসান (Rakesh Jhunjhunwala passes away)। দেওবাৰে পুৱা ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে । মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ঝুনঝুনৱালাই (Akasa Air founder Rakesh Jhunjhunwala dies)। ঝুনঝুনৱালা যোৱা কিছুদিনৰ অসুস্থ আছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে ঝুনঝুনৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (PM condoles the death of Rakesh Jhunjhunwala)। মোডীয়ে উল্লেখ কৰা মতে ৰাকেশ ঝুনঝুনৱালা অদম্য আছিল । তেওঁ বিত্তীয় ক্ষেত্ৰলৈ যি বৰঙণি আগবঢ়াই থৈ গ'ল সেয়া স্মৰণীয় হৈ ৰ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত অতি উৎসাহী আছিল বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ।
উল্লেখ্য যে, ঝুনঝুনৱালাৰ ১৯৬০ চনৰ ৫ জুলাইত জন্ম হৈছিল । তেওঁ মুম্বাইত ডাঙৰ-দীঘল হৈছিল । ১৯৮৫ চনত চিডেনহাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টচ অফ ইণ্ডিয়াত নাম ভৰ্তি কৰে । তাৰ পাছত তেওঁ ৰেখা ঝুনজুনৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।
ঝুনঝুনৱালাই ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ এটা ব্যক্তিগত মালিকানাধীন ষ্টক ট্ৰেডিং ফাৰ্ম চলাইছিল । ৰাকেশ ঝুনঝুনৱালা ভাৰতৰ নৱতম এয়াৰলাইন আকাছা এয়াৰৰ গৰাকী আছিল । এই মাহৰ আৰম্ভণিতে আকাছা এয়াৰ লাইনৰ বিমান ভাৰতৰ আকাশত উৰা মাৰিছিল ।
বহুলোকে আনকি প্ৰশ্ন কৰিছিল যে যেতিয়া বিমান পৰিবহনে লোকচানৰ সন্মুখীন হৈছে তেওঁ কিয় এয়াৰলাইন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল । তেওঁ তাৰ উত্তৰত কৈছিল যে তেওঁ বিফলতাৰ বাবে সাজু । ইফালে ঝুনঝুনৱালা সদায় ভাৰতৰ শ্বেয়াৰ বজাৰৰ বিষয়ে উৎসাহী আছিল ।
লগতে পঢ়ক :কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ