ETV Bharat / bharat

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ - ধ্য প্ৰদেশৰ ৰাজ্যপাল

গুজৰাটৰ ১৭ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ভূপেন্দ্ৰ পেটেলে । সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ কৰে ।

Bhupendra Patel takes oath as Gujarat CM
গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ভূপেন্দ্ৰ পেটেলে
author img

By

Published : Sep 13, 2021, 3:48 PM IST

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ : সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলে শপত গ্ৰহণ কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ভূপেন্দ্ৰ পেটেলক শপতবাক্য পাঠ কৰোৱায় । গুজৰাটৰ ১৭ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে । বিদায়ী মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে মুখ্যমন্ত্ৰী পদৰ বাবে পেটেলৰ নাম প্ৰস্তাৱ কৰিছিল । শনিবাৰে গুজৰাটৰ গান্ধীনগৰস্থিত দলৰ মুখ্য কাৰ্যালয় বিজেপিৰ আইনী বৈঠকত পেটেলক গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ভূপেন্দ্ৰ পেটেলেই হৈছে পাতিদাৰ উপ-গোটৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁৰ নেতৃত্বতে ৰাজ্যখনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব । আনন্দীবেন পেটেল মধ্য প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খালী হৈ থকা সমষ্টি ঘাটলোডিয়াৰ বিধায়কৰ দায়িত্ব গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে । ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰা প্ৰাৰ্থী হিচাপে বিবেচিত হৈছিল পেটেল । তেওঁ কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত পেটেলক এক লাখ ভোটত পৰাজিত কৰে ।

তেওঁৰ ৰাজনৈতিক যাত্ৰা ১৯৯০ চনত আহমেদাবাদৰ মেমনগৰ নগৰপালিকাৰ পৰা আৰম্ভ হৈছিল আৰু পেটেলে ১৯৯৯-২০০০ আৰু ২০০৪-০৬ চনত মহানগৰ নাগৰিক সংস্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্বে তেওঁ ২০০৮-২০১০ বৰ্ষৰ পৰা এএমচি স্কুল ব'ৰ্ডৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

তেওঁ আনন্দীবেন পেটেলক পৰামৰ্শদাতা হিচাপে গণ্য কৰে । মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ পিছত পেটেলে সংবাদমেলত সম্বোধন কৰি কয় যে, "আনন্দীবেন পেটেলৰ আশীৰ্বাদ সদায় তেওঁৰ সৈতে আছে । লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দলৰ সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । পেটেলে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে কেবিনেটত এক গুৰুত্বপূৰ্ণ ৰদবদল হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰক্ষী বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.