ETV Bharat / bharat

Bhopal INDIA rally : 'আভ্যন্তৰীণ কাৰণত পিছুৱাই দিয়া হৈছে ভূপালৰ ৰেলী'-দিগ্বিজয় সিং

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:13 PM IST

বিৰোধী মিত্ৰজোঁটৰ প্ৰস্তাৱিত ভূপালৰ ৰেলী পিছুৱাই দিয়া হৈছে । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । জ্যেষ্ঠ কংগ্ৰেছী নেতা দিগ্বিজয় সিঙৰ মতে এই ৰেলী বাতিল কৰা হোৱা নাই । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মতে নেতাসকলৰ মাজত ক্ষোভ আছে যাৰ বাবে এই ৰেলী বাতিল কৰা হৈছে ।

Bhopal INDIA rally
আভ্যন্তৰীণ কাৰণত পিছুৱাই দিয়া হৈছে ভূপালৰ ৰেলী

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ ভূপালত অনুষ্ঠিত হ'বলগীয়া প্ৰথম যুটীয়া ৰেলী পিছুৱাই দিয়া হৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স মিত্ৰজোঁটৰ ৰেলী সম্পৰ্কে কয় যে এই ৰেলী বাতিল কৰা হৈছে । দিল্লীত মিত্ৰজোঁটৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে অক্টোবৰৰ প্ৰথম সপ্তাহত ভূপালত মিত্ৰজোঁটৰ প্ৰথমখন ৰেলী অনুষ্ঠিত হ'ব ।

ভূপালত কংগ্ৰেছৰ এক সংবাদমেলত কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালাই কয় যে তেওঁলোকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে আলোচনা কৰি আছে আৰু তাৰ পাছত ৰেলীৰ সিদ্ধান্ত লোৱা হ'ব । এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে । আনহাতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠকত উপস্থিত হৈ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে কয় যে এই ৰেলী বাতিল কৰা হোৱা নাই । ইয়াক পিছুৱাই দিয়া হৈছে আৰু শীঘ্ৰেই ইয়াক পুনৰ নিৰ্ধাৰণ কৰা হ'ব ।

জানিব পৰা মতে মধ্যপ্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথ ভূপালত প্ৰস্তাৱিত 'INDIA' মিত্ৰজোঁটৰ এই ৰেলীৰ বাবে সাজু নাছিল । দৰাচলতে, কংগ্ৰেছে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে । ১৯ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি কংগ্ৰেছৰ জন আক্ৰোশ যাত্ৰা আৰম্ভ হ'ব । প্ৰিয়ংকা গান্ধীয়ে ৫ অক্টোবৰত মধ্যপ্ৰদেশত এক বিশাল ৰেলী অনুষ্ঠিত কৰাৰ কথা আছে । যাৰ বাবে কংগ্ৰেছে মিত্ৰজোঁটৰ ৰেলীৰ বাবে সাজু হৈ উঠা নাই । কোৱা হৈছে যে আম আদমি পাৰ্টীয়েও এই মুহূৰ্তত মধ্যপ্ৰদেশৰ এই ৰেলীৰ সৈতে মতবিৰোধ প্ৰকাশ কৰিছে । সূত্ৰৰ মতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ খন ৰাজ্যত বিৰোধী মিত্ৰজোঁটৰ ৰেলী অনুষ্ঠিত নহয় ।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে কয় যে 'INDIA' মিত্ৰজোঁটক লৈ জনসাধাৰণ অসন্তুষ্ট । নেতাসকলৰ মাজতো ক্ষোভ আছে । সনাতন ধৰ্মক অপমান কৰাটো মধ্যপ্ৰদেশৰ ৰাইজে সহ্য নকৰে । জনসাধাৰণৰ ক্ষোভ আছে যাৰ বাবে ৰেলী বাতিল কৰা হৈছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :INDIAs Bhopal joint rally : নিৰ্বাচনমুখী ৰাজ্যত পুনৰ প্ৰত্যাৱৰ্তনৰ পথত আছে; কংগ্ৰেছৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.