ETV Bharat / bharat

ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা 800 টা ৰেমডেচিভিৰ প্ৰতিষেধক চুৰি

ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা ৰেমডেচিভিৰ 800 টা প্ৰতিষেধক চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কোহেফিজা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰতিষেধক চুৰি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা চুৰি ৰেমদেচিভিৰ 800 টা প্ৰতিষেধক

author img

By

Published : Apr 18, 2021, 10:31 AM IST

নেশ্যনেল, 18 এপ্ৰিল : ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা ৰেমডেচিভিৰ 800 টা প্ৰতিষেধক চুৰি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাচত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত ৷ ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কোহেফিজা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰতিষেধক চুৰি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীয়ে ইতিমধ্যে চিচি টিভি ফুটেজ সংগ্ৰহ কৰি ফুটেজৰ ভিত্তিত চুৰি কাণ্ডৰ তদন্ত আৰম্ভ কৰি এই কাণ্ডৰ লগত কোন জড়িত আছে সেয়া বিচাৰি উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে কোহেফিজা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল বাজপেয়ীয়ে চিকিৎসালয়ৰ কৰ্মচাৰী চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে, কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী পি চি শৰ্মাই মন্তব্য কৰি কয় যে, হামিদিয়া চিকিৎসালয়ৰ পৰা ৰেমডেচিভিৰ প্ৰতিষেধক চুৰি হোৱাটো সৰু ঘটনা নহয় ৷ চিকিৎসালয় প্ৰশাসন আৰু ভূপাল জিলা প্ৰশাসনৰ ভুলৰ বাবে এনে কাণ্ড সংঘটিত হৈছে ৷ গতিকে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে ৷

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে মধ্য প্ৰদেশৰ ইন্দোৰত ৰেমডেচিভিৰ প্ৰতিষেধকসহ এজন যুৱক গ্ৰেপ্তাৰ হৈছিল ৷ ৰাজেন্দ্ৰ নগৰ আৰক্ষীয়ে এটি পৰিয়ালৰ ওচৰত 22,000 টকাত প্ৰতিষেধক বিক্ৰী কৰি থকাৰ সময়তে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰ-দিল্লীত কৰ’ণাত আক্ৰান্তৰ মৃত্যুই লৈছে ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.