ETV Bharat / bharat

চণ্ডীগড়ৰ চাৰিটা ভোটদান কেন্দ্ৰত "শূণ্য ভোটাৰ" - etv bharat

চণ্ডীগড়ৰ চাৰিটা ভোটদান কেন্দ্ৰত ভোট দিবলৈ নাহিল এজনো ভোটাৰ

চণ্ডিগঢ়ৰ চাৰিটা ভোটদান কেন্দ্ৰত "শূণ্য ভোটাৰ"
author img

By

Published : May 20, 2019, 11:57 AM IST

চণ্ডীগড়, ২০ মে': দেওবাৰে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত চণ্ডীগড়স্থিত ফিৰোজপুৰ সংসদীয় সমষ্টিৰ চাৰিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত দেখা নগ'ল এগাৰকীও ভোটাৰ। দেওবাৰে পাঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰুণা ৰাজুৱে সদৰী কৰে এই কথা ।

সমষ্টিটোৰ ৬১,৬২,৬৩,আৰু ৬৪ নম্বৰ ভোটকেন্দ্ৰত নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান সাব্যস্ত কৰিবলৈ নাহিল কোনো ব্যক্তি। সৰ্বমুঠ ৪৫০০ গৰাকী ভোটাৰৰ নাম পঞ্জীয়ণ আছিল এই সমষ্টিটোত। কিন্তু পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্ত কৰি সেনাৰ ইউনিট স্থানান্তৰ কৰাৰ বাবে কোনো ভোটাৰ পৰিলক্ষিত নোহোৱাৰ কথা প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী বিষয়া কাৰুণা ৰাজুৱে।

উল্লেখ্য যে,সৰ্বমুঠ ১৩টা লোকসভা সমষ্টিৰ বাবে দেওবাৰে পাঞ্জাৱত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.