নিউজ ডেস্ক ৰিপৰ্ট, 13 মাৰ্চ: টোপনি মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ ৷ যাক বাদ দি এটা সুস্থ স্বাস্থ্য বা সুস্থ মনৰ কল্পনা কৰিব নোৱাৰি ৷ বৈজ্ঞানিক দৃষ্টিকোনোৰেও আছে টোপনিৰ উপকাৰিতা ৷ আমাৰ দৈনন্দিন জীৱন-ধাৰণ প্ৰক্ৰিয়াত টোপনি এক অনিবাৰ্য উপাদান, যাৰ জৰিয়তে শৰীৰ সুস্থ-সবল হৈ থাকে বাবে ইয়াক সুস্বাস্থ্যৰ চাবি-কাঠী বুলি গণ্য কৰা হয় ৷ ই শৰীৰৰ অন্তৰ্ভাগৰ অংগ কলিজাৰ উপকাৰ সাধন কৰাৰ উপৰিও মন তথা দেহৰ ভাৰ সুস্থিৰ কৰি ৰখাত অৰিহণা যোগায় ৷ দৈনন্দিন জীৱনৰ বিভিন্ন চাপৰ পৰা মুক্তি লাভ কৰিবলৈ টোপনিয়ে অগতিৰ গতি স্বৰূপ| দিনটোৰ কামৰ বাবে মগজুত জমা হোৱা দূষিত আৱৰ্জনাবোৰ আঁতৰ কৰি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ টোপনিৰ অৰিহণা অনন্য| টোপনিত পৰি থকা কালতে মানুহে অভিজ্ঞতাবোৰ সংৰক্ষণ কৰিবলৈ উপচাৰ কৰাৰ লগতে বহুদিনীয়া স্মৃতিবোৰ পাহৰণিৰ অতল গৰ্ভলৈ নিক্ষেপ কৰে ৷ স্বাস্থ্যৰ এক প্ৰাথমিক দিশ হিচাপে টোপনিৰ গুৰুত্ব স্বীকাৰ কৰি ল’বলৈ সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ বিশ্ব টোপনি দিৱস সমগ্ৰ পৃথিৱীতে উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে| এই দিনটো মাৰ্চ মাহৰ এটা শুকুৰবাৰে নিৰূপণ কৰা হয়, যিটো মাহটোৰ দ্বিতীয় বা তৃতীয় শুকুৰবাৰ হ’ব পাৰে ৷ সেই অনুসৰি 2020 বৰ্ষৰ টোপনি দিৱসটো উদযাপন কৰা হৈছে 13 মাৰ্চ অৰ্থাৎ দ্বিতীয়টো শুকুৰবাৰে ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্যে হৈছে উপযুক্ত টোপনিৰ উপযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে ইয়াৰ বাবে সজাগ কৰি তোলা ৷
প্ৰয়োজনীয় টোপনিৰ অভাৱ: ভাৰতীয় গৃহ-সজ্জা সামগ্ৰীৰ বজাৰত খ্যাতি সম্পন্ন টচক কোম্পানী "Centuary Mattresses"য়ে টোপনি সন্দৰ্ভত চলোৱা এক শেহতীয় সমীক্ষাত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ ভাৰতৰ মুঠ দহ খন চহৰত ব্যাপক হাৰত কমিছে জনসাধাৰণৰ টোপনিৰ পৰিমান ৷ আনকি দেহৰ বাবে অতি প্ৰয়োজনীয় টোপনি খিনি সম্পূৰ্ণ কৰাৰ পৰাও বঞ্চিত হৈছে এই চহৰ কেইখনৰ জনসাধাৰণ ৷ এই সমীক্ষাৰ পৰা পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য ৷ টোপনিৰ ক্ষেত্ৰত ক্ৰমাৎ উদাসীন হ'বলৈ আৰম্ভ কৰিছে দেশৰ 25 ৰ পৰা 35 বছৰ বয়সৰ ভিতৰৰ যুৱক যুৱতী সকলে ৷ সমীক্ষাৰ ফলাফল অনুসৰি 2019 বৰ্ষত মহিলা সকলে সপ্তাহৰ কামৰ দিনকেইটাত 6.75 ঘন্টা টোপনি যোৱাৰ বিপৰীতে সাপ্তাহিক বন্ধৰ দিনটোত টোপনি যায় 6.78 ঘন্টা ৷ ইয়াৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰটো পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ সপ্তাহৰ কামৰ দিনকেইটাত 6.58 ঘন্টা টোপনি যোৱাৰ বিপৰীতে সাপ্তাহিক বন্ধৰ দিনটোত টোপনি যায় 6.73 ঘন্টা ৷
ইয়াৰ উপৰিও সমীক্ষাৰ পৰা পোহৰলৈ অহা তথ্য অনুসৰি অধিক ভাৱে অৰ্থ উপাৰ্জন কৰা এচাম ৰাইজৰ মাজতো ক্ৰমাৎ কমি আহিছে টোপনিৰ পৰিমান ৷ এইসকলৰ টোপনিৰ পৰিমান এনেধৰণৰ- সপ্তাহৰ কামৰ দিনকেইটাত 6.74 ঘন্টা টোপনি যোৱাৰ বিপৰীতে সাপ্তাহিক বন্ধৰ দিনটোত টোপনি যায় 6.75 ঘন্টা ৷ একেদৰে মধ্যবিত্ত তথা মাহৰ উপাৰ্জন তুলনামুলক ভাৱে কমকৈ কৰা সকলৰ টোপনিৰ হাৰতো আছে কিছু তাৰতম্য ৷ এই সকল লোকে সপ্তাহৰ কামৰ দিনকেইটাত 6.84 ঘন্টা টোপনি যোৱাৰ বিপৰীতে সাপ্তাহিক বন্ধৰ দিনটোত টোপনি যায় 7.46 ঘন্টা ৷ 2018 বৰ্ষত যাৰ নিয়মীয়া পৰিমান আছিল 7.29 ঘন্টা ৷ লগতে এই সমীক্ষাই প্ৰকাশ কৰা অনুসৰি অত্যাধিক পৰিমানে মবাইল, লেপটপ আদিৰ দৰে বৈদুতিক সামগ্ৰীৰ ব্যৱহাৰেও ব্যাঘাত জন্মাইছে স্বাভাৱিক টোপনিত ৷ অত্যাধিক কামৰ চাপ, বিত্তীয় সংক্ৰান্তীয় খেলিমেলিও আজিৰ সময়ত হৈ পৰিছে স্বাভাৱিক টোপনিৰ হেঙাৰ ৷ সমাজৰ প্ৰায় 15 % লোকেই এইধৰণৰ অসুবিধাৰ বাবেই সম্পূৰ্ণ কৰিব নোৱোৰা হৈছে দৈনন্দিন জীৱনৰ স্বাভাৱিক টোপনি ৷ সমীক্ষাৰ তথ্য অনুসৰি টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলতে আজিৰ সময়ত প্ৰায় 42 শতাংশ লোক পিঠিৰ বিষ, গা-বিষ আদিৰ দৰে ৰোগত ভুগি আছে ৷ আনহাতে প্ৰায় 22 শতাংশ লোকে উল্লেখ কৰা অনুসৰি স্বাভাৱিক ৰূপত টোপনি নোহোৱাৰ বাবে শুই উঠাৰ পাছৰে পৰা তেঁওলোকে এক বেলেগ ধৰণৰ ভাগৰ অনুভৱ কৰে ৷ আনহাতে আন 38 শতাংশ লোকে প্ৰকাশ কৰা অনুসৰি শুই উঠাৰ পাছত তেঁওলোকে দিনটোত প্ৰায় 3 বাৰ ভীষণ ভাৱে টোপনিৰ অনুভৱ কৰে ৷
ক্ৰমাৎ টোপনিৰ বাবে সময় কমি অহা 10 খন চহৰৰ ভিতৰত মূখ্যত আছে চেন্নাই চহৰ ৷ ইয়াৰ পাছতে বৰ্ধিত হাৰত টোপনি কম হোৱা চহৰৰ তালিকাত আছে ক্ৰমে বাংগালোৰো, ভুৱনেশ্বৰ আৰু আহমেদাবাদ ৷ উল্লেখ্য যে সমীক্ষাৰ পৰা পোৱা তথ্যই প্ৰমাণ কৰিছে যে ক্ৰমাৎ কমি অহাৰ টোপনিৰ পৰিমানে এতিয়া ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভালদৰে টোপনি নোহোৱাৰ বাবে হয়টো এক ভয়ংকৰ বিপদত পৰিব পাৰে দেশৰ ব্যস্ত চহৰ সমুহৰ জনসাধাৰণ ৷
লগতে পঢ়কঃ গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই