নেশ্যনেল ডেস্ক, ৮ জুন: লক ডাউনৰ ফলত দেশজুৰি মহিলাসকলৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত মহিলাসকলে গোচৰো ৰুজু কৰিবলৈ অসমৰ্থ হৈছে । এক প্ৰশ্নৰ উত্তৰযোগে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সদৰী কৰে এই কথা ।
![দেশত বৃদ্ধি পোৱা মহিলাৰ বিৰুদ্ধে অত্যাচাৰ সন্দৰ্ভত মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:41_7525008_727_7525008_1591599731090.png)
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ তথা হস্তশিল্প মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে,দেশৰ বেচৰকাৰী সংস্থা সমূহত হোৱা কেলেংকাৰীৰ বাবে কৰ্মৰত প্ৰায় ৮০ শতাংশ মহিলাক অত্যাচাৰ কৰা হৈছে । কিন্তু প্ৰতিজন পুৰুষে মহিলাৰ ওপৰত অত্যাচাৰ চলোৱা নাই । লক ডাউনৰ সময়ছোৱাত আৰক্ষীসকলেও প্ৰশংসনীয় কাম কৰি আছে । মহিলাসকলৰ লগতে শিশুসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যতে ৩৫ টা হেল্প লাইন নম্বৰ উপলব্ধ কৰোৱা হয় বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: 75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান