নিউজ ডেস্ক, 19 জুলাইঃ উত্তৰ প্ৰদেশৰ অন্তৰ্গত বান্দাত প্ৰতিবেশীৰ কামনাৰ বলি হয় এগৰাকী মহিলা ৷ আটৰা আৰক্ষী চকীৰ বিষয়া ৰবিন্দ্ৰ টিৱাৰীয়ে প্ৰদান কৰা তথ্য অনুসৰি শুকুৰবাৰে নিশা চাৰি সন্তানৰ সৈতে শুই থকা সময়তে প্ৰতিবেশীয়ে উপৰ্যুপৰি ধৰ্ষণ কৰে মহিলাগৰাকীক ৷ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে ধৰ্ষণকাৰী ৷
লগতে পঢ়কঃ বৰবহাৰ অপহৃত নাবালিকা জুৰীয়াত উদ্ধাৰ
পৰৱৰ্তী সময়ত উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে শনিবাৰে এক গোচৰ ৰুজু কৰে ৷ কিন্তু এই পৰ্যন্ত ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে মহিলাগৰাকীক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলা দিয়ে ৰবিন্দ্ৰ টিৱাৰীয়ে ৷