ETV Bharat / bharat

8 মহীয়া পুত্ৰৰ দেহত অগ্নি সংযোগ কৰি মাতৃৰ আত্মহত্যা - jharkhand

ঝাৰখণ্ডৰ এগৰাকী 25 বছৰীয়া মহিলাই তেওঁৰ 8 মহীয়া পুত্ৰৰ লগতে নিজৰ গাত জুই লগাই আত্মহত্যা কৰে ৷ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে,ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

নিজৰ লগতে 8 মহীয়া পুত্ৰৰ দেহত অগ্নি সংযোগ কৰি ঝাৰখণ্ডত মহিলাৰ আত্মহত্যা

author img

By

Published : Oct 7, 2020, 5:26 PM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: ঝাৰখণ্ডৰ জামতাৰা জিলাৰ এগৰাকী 25 বছৰীয়া মহিলাই তেওঁৰ 8 মহীয়া পুত্ৰৰ লগতে নিজৰ গাত জুই লগাই আত্মহত্যা কৰে ৷ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি,মঙলবাৰে নেলা থানাৰ অন্তৰ্গত চুৰুয়াপানি এলেকাত সংঘটিত হয় এই ঘটনা ৷

নালা সংমণ্ডলীয় আৰক্ষী বিষয়া মনোজ কুমাৰ ঝাই উল্লেখ কৰিছে যে,প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকী মানসিকভাৱে ভাগি আছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ কাৰণ হ'ল,বিগত তিনিমাহে তেওঁৰ পুত্ৰত কোনো ৰোগত আক্ৰান্ত হৈ আছিল ৷

মহিলাগৰাকী বিসাখী মুৰ্মু বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁ নিজৰ পিতৃ-মাতৃৰ ঘৰত নিজৰ পুত্ৰৰ সৈতে বাস কৰিছিল ৷ কিয়নো তেওঁৰ স্বামী ৰঞ্জিত টুডুৰ নাছিল কোনো উপাৰ্জনৰ থল ৷

মহিলা গৰাকীৰ পিতৃ-মাতৃৰ মতে,মহিলাগৰাকী নিজ পুত্ৰৰ সৈতে বাহিৰলৈ গৈছিল সকলো শুই থকাৰ সময়ত ৷ তাৰ পাচতেই তেওঁ নিজৰ লগতে শিশুটিৰ গাত কেৰাচিন তেল ঢালি অগ্নি সংযোগ কৰে ৷

ইয়াৰোপৰি তেওঁলোকে কয় যে,তেওঁলোকৰ লগতে গাঁৱৰ অন্যান্য লোকে মহিলাগৰাকীৰ চিঞৰ শুনিছিল ৷ তাৰ পাচতেই তেওঁলোকে অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক চিকিৎসালয়তো ভৰ্তি কৰাইছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁলোকে শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে,মুৰ্মুৰ স্বামীয়ে নিয়মিতভাৱে নিজকে বচাই ৰাখিবলৈ আৰু শিশুটিৰ চিকিৎসাৰ বাবে তেওঁক টকা পঠিয়াইছিল ৷ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি,পৰৱৰ্তী সময়ত মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে,ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক: হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.