ETV Bharat / bharat

মাতৃৰ বিয়োগৰ পাচতে AIIMSত আত্মহত্যা কন্যাৰ

author img

By

Published : May 9, 2020, 11:56 PM IST

দিল্লীৰ AIIMSত আত্মহত্যা উত্তৰ প্ৰদেশৰ মুৰাদাৱাদৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ । মাতৃৰ বিয়োগৰ পাচতে হাস্পতালৰ ওপৰৰ মহলাৰ পৰা জাঁপ দি আত্মহত্যা কৰে যুৱতী গৰাকীয়ে ।

AIIMS
মাতৃৰ বিয়োগৰ পাচতে AIIMSত আত্মহত্যা কন্যাৰ

নিউজ ডেস্ক, ৯ মে': দিল্লীৰ AIIMSত আত্মহত্যা কৰে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে । হাস্পতালখনত মাতৃৰ বিয়োগৰ পাচতে আত্মহত্যা কৰে যুৱতী গৰাকীয়ে ।

উল্লেখ্য যে, দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা যুৱতী গৰাকীৰ মাতৃৰ ৮ মে' ত মৃত্যু হয় । মাতৃৰ বিয়োগৰ পাচতে AIIMS ৰ পৰা সন্ধানহীন হৈ আছিল যুৱতী গৰাকী । পৰৱৰ্তী সময়ত শনিবাৰে পুৱাৰ ভাগত AIIMS ৰ চৌহদত উদ্ধাৰ কৰা হয় যুৱতী গৰাকীৰ মৃতদেহ । মাতৃৰ বিয়োগৰ শোকতে হাস্পতালখনৰ ওপৰৰ মহলাৰ পৰা জাঁপ দি আত্মহত্যা কৰে যুৱতী গৰাকীয়ে ।

আনহাতে, আত্মহত্য়া কৰা যুৱতী গৰাকী উত্তৰ প্ৰদেশৰ মুৰাদাৱাদৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.