নেশ্বনেল ডেক্স, 3 জুনঃ মঙলবাৰে উত্তৰপ্ৰদেশৰ জয়ন্তীপুৰত দুটা পক্ষৰ মাজত সূত্ৰপাত হোৱা সংঘৰ্ষৰ ফলত চুুবুৰীয়াৰ প্ৰহাৰত মৃত্যু হয় এগৰাকী মহিলাৰ ৷ প্ৰথমঅৱস্থাত দুয়োটা পক্ষৰ শিশুৰ মাজত সৃষ্টি হোৱা সামন্য কাজিয়াৰ পৰাই এই সংঘাটৰ সূত্ৰপাত হয় ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চুবুৰীয়াৰ প্ৰহাৰতেই মৃত্যু হয় মহিলাগৰাকীৰ ৷
ঘটনা সন্দৰ্ভত সহকৰী আৰক্ষী অধীক্ষক দীপক ভূকাৰে কয় যে, প্ৰথম অৱস্থাত দুটা শিশুৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ পাছতেই সমগ্ৰ ঘটনাই তৎক্ষণাত দুই ফৈদৰ মাজত সংঘৰ্ষৰ ৰূপ লয় ৷
ইতিমধ্য মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ৷
লগতে পঢ়কঃ সম্ৰাজনগৰঃ যিখন জিলাত এগৰাকীও লোক আক্ৰান্ত হোৱা নাই কৰ'ণা ভাইৰাছত