নেশ্বনেল ডেস্ক, 31 আগষ্ট : অৱসৰপ্ৰাপ্ত সেনা বিষয়া মহম্মদ ছানাউল্লাহে শনিবাৰে অসমৰ এনআৰচি প্ৰকাশ হোৱাৰ পাছতে নিজৰ গোচৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷ চূড়ান্ত তালিকাত নিজৰ নাম প্ৰত্যক্ষ নকৰাত প্ৰাক্তন সেনা বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে, "যিহেতু মোৰ গোচৰ উচ্চ ন্যায়ালয়ত চলি আছে সেয়েহে চূড়ান্ত তালিকাত মই নাম আশা কৰা নাছিলো ৷ ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মই ন্যায় লাভ কৰিম ৷"
শনিবাৰে প্ৰায় 19 লাখ লোকৰ নাম অন্তৰ্ভূক্ত নকৰাকৈ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হয় ৷ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ঘোষণা কৰা অনুসৰি প্ৰায় 3 কোটি লোকে এনআৰচিত অন্তৰ্ভূক্ত হ'বলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অৱসৰপ্ৰাপ্ত বিষয়া ছানাউল্লাহৰ নাম অন্তৰ্ভূক্ত হোৱা নাছিল ৷ তাৰোপৰি, মে' মাহত গুৱাহাটীত সীমান্ত আৰক্ষীয়ে বিদেশীৰ সন্দেহত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পাছতে বিদেশী ন্যায়াধিকৰণে তেওঁক বিদেশী ঘোষণা কৰিছিল ৷
ছানাউল্লাহে 30 বছৰে ভাৰতীয় সেনাত সেৱা আগবঢ়োৱাৰ লগতে কেপ্তেইন পদবী দখল কৰিছিল ৷ ইয়াৰোপৰি, তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পদকো লাভ কৰিছিল ৷