ETV Bharat / bharat

ভাৰতীয় কৰ্মৰত মহিলাসকলে কিয় পুৰুষতকৈ পৃথকভাৱে অৱসৰ গ্ৰহণৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন ? - ইউনিট লিংকড ইঞ্চ’ৰেঞ্চ প্লেন

বিভিন্ন অধ্যয়নৰ জৰিয়তে এই কথা প্ৰমাণিত হৈছে যে, কিছুমান কৰ্কট ৰোগৰ বাবে মহিলাসকলৰ দেহটো অধিক সংবেদনশীল ৷ ইয়াৰ উপৰিও পৰুষৰ তুলনাত গাঠিৰ সমস্যাৰ লগতে অষ্টিঅ’পোৰোচিচত আক্ৰান্ত হোৱা সম্ভাৱনাও মহিলাসকলৰ ক্ষেত্ৰত অধিক ৷ কিন্তু পৰুষৰ তুলনাত মহিলাসকল দীৰ্ঘায়ু হয় ৷ 2011 চনৰ লোকপিয়ল অনুসৰি 65 বছৰৰ উৰ্ধৰ মহিলাৰ জনসংখ্যা 4.5 কোটিৰ বিপৰীতে পুৰুষৰ জনসংখ্যা কোৱল মাত্ৰ 3.6 কোটি ৷ মুঠৰ ওপৰত ভাৰতীয় মহিলাসকলৰ গঢ় আয়ু 69.8 বছৰ কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় পৰুষসকলৰ গঢ় আয়ু 67.3 বছৰ ৷

Why Indian working women need to plan retirement differently than men
ভাৰতীয় কৰ্মৰত মহিলাসকলে কিয় পুৰুষতকৈ পৃথকভাৱে অৱসৰ গ্ৰহণৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন ?
author img

By

Published : Mar 8, 2020, 7:36 AM IST

হায়দৰাবাদঃ অৱসৰ গ্ৰহণৰ পৰিকল্পনা বা প্ৰস্তুতিৰ ক্ষেত্ৰত এতিয়াও ভাৰতবৰ্ষ বহু নিলগত ৷ ভাৰতীয়সকলে অতি কম বয়সতে অৱসৰ গ্ৰহণ কৰি পৰোপকাৰী বিচাৰধাৰাৰে নিজৰ মনে বিচৰা কামটোৰে এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব বিচাৰে ৷ এই বিচাৰধাৰাটো ভাৰতীয় মহিলাসকল বিশেষকৈ কৰ্মৰত মহিলা সকলৰ মাজত অধিক দেখিবলৈ পোৱা যায় ৷ বিভিন্ন প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে যে, অৱসৰ গ্ৰহণ আৰু আৰু তাৰ পিছৰ পৰিকল্পনাসমূহ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাসকল অৰ্থনৈতিকভাৱে কম প্ৰস্তুত ৷

মহিলাসকল বিশেষকৈ কৰ্মৰত মহিলাসকলে কিয় অৱসৰ গ্ৰহণৰ পৰিকল্পনা কৰা প্ৰয়োজন এই ক্ষেত্ৰত কেইবাটাও কাৰণ দেখিবলৈ পোৱা যায় ৷ প্ৰথমতে,অৱসৰ গ্ৰহণ কৰাটো সৰহসংখ্যক লোকৰে জীৱনৰ প্ৰধান লক্ষ্য ৷ দ্বিতীয়তে, বেতন প্ৰদানৰ ক্ষেত্ৰত লিংগ বৈষম্যতা,পাৰিবাৰিক সমস্যা আদিৰ দৰে কেইবাটাও প্ৰাৰম্ভিক সমস্যাৰে মহিলাসকল জৰ্জৰিত ৷ উক্ত লিখনিৰ জৰিয়তে এনে কিছুমান বিশেষ সম্যাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হৈছে ৷

আৰ্থিক তফাতঃ

বেতন প্ৰদানৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজৰ বৈষম্যতা হ’ল এক প্ৰধান কাৰণ যাৰ বাবে মহিলাসকলে পুৰুষৰ তুলনাত কম পৰিমাণৰ ধন সঞ্চয় কৰিবলৈ সক্ষম হয় ৷

মজুৰিৰ ক্ষেত্ৰত থকা লিংগ বৈষম্যতাৰ উপৰিও পৰিয়ালৰ শিশু বা বয়স্ক লোকসকলৰ যত্ন লোৱাৰ বাবে মহিলাসকলে কৰ্মক্ষেত্ৰৰ বাহিৰত সময় উলিওৱা সম্ভৱপৰ নহয় ৷ ইয়াৰ উপৰিও এগৰাকী মহিলাই প্ৰায় 35 ৰ পৰা 45 বছৰ বয়সতেই অৱসৰ গ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাটো একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰে কাৰণ, সেই সময়ত নিজৰ পৰিয়াল আৰম্ভ কৰাৰ লগতে নিজৰ বাৰ্ষিক উপাৰ্জনৰ উৰ্ধত থাকে বহু মহিলা ৷ মুঠৰ ওপৰত যদিও পৰুষ-মহিলাৰ আৰ্থিক ব্যৱধান কিছু পৰিমাণে হ্ৰায় পাইছে কিন্তু ইয়াক সম্পূৰ্ণৰূপে নাইকীয়া কৰাটো এইপৰ্যন্ত সম্ভৱ হৈ উঠা নাই ৷

উল্লেখ্য যে, যদিহে আপুনি নিজৰ কেৰিয়াৰৰ আৰম্ভনিতে ব্যৱসায়ৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰত ধন বিনিয়োগ কৰে ৷ উদাহৰণস্বৰূপে, ইউনিট লিংকড ইঞ্চ’ৰেঞ্চ প্লেন আদিত আৰম্ভনিৰে পৰাই অধিক ধন বিনিয়োগ কৰিলে আপুনি কিছুসময়ৰ বাবে কৰ্মবিৰতি গ্ৰহণ কৰিলেও আপোনাৰ সঞ্চয় বৃদ্ধি পোৱাত সহায় হয় ৷ নিজৰ জীৱনৰ লক্ষ্যৰ বাবে প্ৰাৰম্ভিক অৱস্থাৰ পৰাই আঁচনি গ্ৰহণ কৰা আৰু তাক ৰূপায়নৰ ক্ষেত্ৰত বিবেকপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ৷

স্বাস্থ্য আৰু জীৱনৰ আশাঃ

এইটো সদায় মনত ৰখা প্ৰয়োজন যে, পৰুষ আৰু মহিলা শাৰিৰীকভাৱে মূলতঃ দুটা পৃথক প্ৰাণী ৷ ইয়াৰ অৰ্থ এইটোৱেই যে, দুয়োৰে ক্ষেত্ৰত স্বাস্থ্যৰ যতন আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ দিশতো আছে কিছু গুৰুত্বপূৰ্ণ প্ৰভেদ ৷ বিভিন্ন অধ্যয়নৰ জৰিয়তে এই কথা প্ৰমাণিত হৈছে যে, কিছুমান কৰ্কট ৰোগৰ বাবে মহিলাসকলৰ দেহটো অধিক সংবেদনশীল ৷ ইয়াৰ উপৰিও পৰুষৰ তুলনাত গাঠিৰ সমস্যাৰ লগতে অষ্টিঅ’পোৰোচিচত আক্ৰান্ত হোৱা সম্ভাৱনাও মহিলাসকলৰ অধিক ৷ কিন্তু পৰুষৰ তুলনাত মহিলাসকল দীৰ্ঘায়ু হয় ৷ 2011 চনৰ লোকপিয়ল অনুসৰি 65 বছৰৰ উৰ্ধৰ মহিলাৰ জনসংখ্যা 4.5 কোটিৰ বিপৰীতে পুৰুষৰ জনসংখ্যা কেৱল মাত্ৰ 3.6 কোটি ৷ মুঠৰ ওপৰত ভাৰতীয় মহিলাসকলৰ গঢ় আয়ু 69.8 বছৰ কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় পৰুষসকলৰ গঢ় আয়ু 67.3 বছৰ ৷

ফলস্বৰূপে মহিলাসকলৰ বাবে স্বস্থ্যৰ যত্নৰ প্ৰয়োজনীয়তা পৰুষৰ তুলনাত অধিক হোৱাৰ সম্ভাৱনা আছে ৷ সদ্য প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে যে, 87 বছৰলৈ জীয়াই থকা এগৰাকী 65 বৰ্ষীয় মহিলাৰ বাবে আজীৱন স্বাস্থ্যৰ যতনৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ পৰিমাণ এগৰাকী সমবৰ্ষীয় পৰুষৰ তুলনাত প্ৰায় 18% অধিক ৷ অৰ্থাৎ আপোনাৰ বয়স যিমানেই কম সিমানেই এই ব্যয়ৰ ব্যৱধান বৃদ্ধি পায় ৷

আপুনি আপোনাৰ অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে এইসমূহ দিশৰ ওপৰত গুৰত্ব আৰোপ কৰাটো অতি প্ৰয়োজনীয় ৷ আপুনি এইটো নিশ্চিত কৰা প্ৰয়োজন যে, আপোনাৰ সমূহ অতিৰিক্ত স্বস্থ্যসেৱা আৰু দৈনন্দীন ব্যয় সম্পূৰ্ণ জীৱনৰ গুণাগুণ ব্যাহত নোহোৱাকৈ সুকলমে পৰিচালিত হয় ৷ সৰ্বাধিক সুবিধা নিশ্চিত কৰি আপুনি আপোনাৰ অৱসৰকালীন সঞ্চয় আৰু লক্ষ্যসমূহ নিৰ্ধাৰণ কৰাৰ বাবে বিভিন্নধৰণৰ অনলাইন কেলকুলেটৰো ব্যৱহাৰ কৰিব পাৰে ৷

পৰিয়ালকেন্দ্ৰীক লক্ষ্যঃ

এইয়া প্ৰকৃতিৰ নিয়মৰ দ্বাৰাই হওক বা সামাজিক মানচিত্ৰৰ বাবেই হওক, মহিলাসকলে সকলো সময়তে নিজৰ পৰিচৰ্যাৰ বিপৰীতে আনৰ প্ৰয়োজন সমূহক উৰ্ধত ৰখা দেখা যায় ৷ যদি আপুনি এগৰাকী পেচাদাৰী অথবা ঘৰুৱা উদ্যোগপতি- বিবাহিত বা অবিবাহিত মহিলা- তেন্তে এইটো নিশ্চিত যে আপুনি নিজৰ কৰ্মক্ষেত্ৰৰ উপৰিও ঘৰখনৰ পৰিচৰ্চা কৰাৰ ক্ষেত্ৰত বেতনবিহীন ভূমিকা পালন কৰাৰ লগতে নিজৰ জীনৰ লক্ষ্যৰ বাবে অন্যান্য আৰ্থিক ত্যাগ কৰি আহিছে ৷ মই বিশ্বাস কৰো যে, জীৱনৰ লক্ষ্য লিংগ নিৰ্ধাৰিত নহয়, আৰু সেয়েহে মহিলাসকলেও নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে স্বাৱলম্বী হ’বলৈ সমান সুবিধা লাভ কৰা উচিত ৷ নিজৰ দীৰ্ঘম্যাদী জীৱনৰ লক্ষ্যসমূহ যেনে- বিশ্ব ভ্ৰমণ, সু-স্বাস্থ্য আৰু আৰ্থিক ভাৱে টনকীয়াল হৈ অৱসৰ গ্ৰহণ, নিজৰ ল’ৰা-ছোৱালীক বিদেশত অধ্যয়নৰ বাবে প্ৰেৰণ কৰা আদি সপোন পূৰণৰ বাবে মহিলাসকলে যিমান সোনকালে সম্ভৱ বিনিয়োগ আৰম্ভ কৰা প্ৰয়োজন ৷

সংক্ষেপে, আৰ্থিকভাৱে সক্ৰিয় হ’লেহে আপুনি এটি মসৃণ আৰু ফলপ্ৰসু অৱসৰ গ্ৰহণ কৰিব পাৰে ৷

তৰুণ ছুঘ, এম ডি আৰু চি ই অ’, বাজাজ এলায়েঞ্জ লাইফ

(ওপৰত প্ৰকাশিত মতামত আৰু বিনিয়োগৰ পৰামৰ্শসমূহ লিখকৰ সম্পূৰ্ণ ব্যক্তিগত ৷ ইয়াৰ সৈতে ইটিভি ভাৰত বা ইয়াৰ পৰিচালনা সমিতিৰ কোনোধৰণৰ সম্পৰ্ক নাই ৷ ইটিভি ভাৰতে ইয়াৰ ব্যৱহাৰকাৰীসকলক যিকোনো ধৰণৰ বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বিশেষজ্ঞৰ মতামত গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে ৷)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.