ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট, 2019 : কি কি আছে ৰেলৱে' শিতানত

author img

By

Published : Jul 5, 2019, 5:43 PM IST

Updated : Jul 5, 2019, 11:53 PM IST

ভাৰতীয় ৰেল'কলৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৷

কেন্দ্ৰীয় বাজেট, 2019

নিউজ ডেস্ক, 5 জুলাই : ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে লোকসভাত উত্থাপন কৰিলে কেন্দ্ৰীয় বাজেট, 2019 - 20 ৷ এই বাজেটত ৰেলৱে' বিভাগৰ বাবে যথেষ্টখিনি ঘোষণা আগবঢ়োৱাৰ লগতে বিভাগটোৰ আধুনিকীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ অতি সোনকালেই ৰে'লৰ যাত্ৰীয়ে ব্যক্তিগত খণ্ডত তৈয়াৰী বিশ্বমানৰ ৰে'লেৰে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব ৷ 2030 চনলৈ ৰেলৱে' শিতানৰ আন্তগাঁথনি উন্নয়নৰ বাবে প্ৰায় 50 ট্ৰিলিয়ন টকাৰ প্ৰয়োজন বুলি ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি, ভাৰতীয় ৰেলৱে'ই বিশ্বমানৰ আধুনিক ৰেল'ৰ নিৰ্মাণত গুৰুত্ব দিয়াৰ লগতে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিব বুলি সীতাৰমণে জানিবলৈ দিয়ে ৷ বিশ্বমানৰ ষ্টেচন মেৰামতি, দেশত 657 কিঃমিঃ মেট্ৰ' ৰেলপথ কাৰ্যকৰী আদিও ঘোষণা কৰা হয় বাজেটতে ৷ উল্লেখ্য যে, ৰেলৱে' বাজেট ঘোষণাৰ কিছুদিন পূৰ্বে পিয়ুষ গোয়েলৰ ৰেলৱে' বিভাগে ফ্ৰান্সৰ সৈতে যুটীয়া ভাৱে বিশ্বমানৰ ষ্টেছন নিৰ্মান কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই বিভাগটোৰ আন্তগাঁথনিৰ বাবে ফ্ৰান্সে 7 লাখ ইউৰো প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, ৰেলৱে' টিকেটত কোনো ধৰণৰ মূল্যবৃদ্ধি ঘোষণা কৰা নাই বিত্তমন্ত্ৰী গৰাকীয়ে ৷

Intro:Body:

RAILWAY IN BUDGET

Conclusion:
Last Updated : Jul 5, 2019, 11:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.