ETV Bharat / bharat

আমি শান্তি বিচাৰো, যুদ্ধ নহয় : চীনা-ভাৰতীয় নাগৰিক - We want peace, not war ; says Chinese Indian nationals

কলিকতাৰ চাইনা টাউনৰ চীনা-ভাৰতীয় নাগৰিক সকলে মন্তব্য কৰিছে যে, তেওঁলোকে শান্তি বিচাৰে, যুদ্ধ নহয় ৷ প্ৰায় 2 হাজাৰ চীনা-ভাৰতীয় নাগৰিক কলিকতাৰ চাইনা টাউনত বাস কৰে ৷

চীন-ভাৰত সংঘৰ্ষ
চাইনা টাউনত বাস কৰা চীনা-ভাৰতীয় নাগৰিকৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 19, 2020, 10:33 AM IST

নেশ্যনেল ডেস্ক, 19 জুন : কলিকতাৰ চাইনা টাউনৰ চীনা-ভাৰতীয় নাগৰিক সকলে মন্তব্য কৰিছে যে, তেওঁলোকে শান্তি বিচাৰে, যুদ্ধ নহয় ৷

চাইনা টাউনত বাস কৰা চীনা-ভাৰতীয় নাগৰিক

টনী লিং নামৰ এজন বৃদ্ধ চীনা-ভাৰতীয় নাগৰিকে কয়, "আমি ভাৰতীয় নাগৰিক ৷ আমি ইয়াত শান্তিৰে বাস কৰি আছো ৷ আমি ৰাজনীতি বুজি নাপাওঁ ৷ আমি শান্তি বিচাৰো, যুদ্ধ নহয় ৷"

কোভিন নামৰ এজন চীনা-ভাৰতীয় যুৱকে কয়, "যুদ্ধ কোনো কাৰণতে সমাধান হ'ব নোৱাৰে ৷ আমি শান্তি বিচাৰো ৷"

উল্লেখ্য যে, প্ৰায় 2 হাজাৰ চীনা-ভাৰতীয় নাগৰিক কলিকতাৰ চাইনা টাউনত বাস কৰে ৷ এই অঞ্চলটোত চীনা খাদ্যৰ সোৱাদ ল'বৰ বাবে দৈনিক বহু লোকে ৰেষ্টুৰেন্টসমূহত ভিৰ কৰা পৰিলক্ষিত হয় ৷

15 জুনত লাডাখৰ গলৱান উপত্যকাৰ চীন-ভাৰত সীমান্তত দুই পক্ষৰ সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুওৱাৰ পাচতে ভাৰতত চীনা বিৰোধী প্ৰতিবাদ সাব্যস্ত হৈছে ৷

আৰু পঢ়ক : তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.