ETV Bharat / bharat

কোভিড-19 ৰ সৈতে যুঁজিবলৈ আমি প্ৰযুক্তিৰ সৈতে তৈয়াৰ হ'ব লাগিবঃ ডিআৰডিঅ' অধ্যক্ষ

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰক্ষা অনুসন্ধান আৰু বিকাশ সংগঠনৰ অধ্যক্ষ ডঃ জি সতীচ ৰেড্ডীয়ে কয় যে, তেওঁৰ সংগঠনে কোভিড-19 ৰ লগত যুঁজিবলৈ প্ৰযুক্তিৰ সৈতে নিজকে প্ৰস্তুত কৰিছে ।

author img

By

Published : Apr 4, 2020, 7:26 PM IST

কোভিড-19 ৰ সৈতে যুঁজিবলৈ প্ৰযুক্তিৰ সৈতে আমি তৈয়াৰ হ'ব লাগিবঃ ডিআৰডিঅ' অধ্যক্ষ

নিউজ ডেস্ক, 4 এপ্ৰিলঃ "আমি এক যুদ্ধৰ মাজত আছো । এক অদৃশ্য শত্ৰুৰ বিৰুদ্ধে এই যুদ্ধ । দৃশ্যমান শত্ৰুৰ লগত যুঁজিবলৈহে অস্ত্ৰ পৰ্যাপ্ত । কিন্তু ভাইৰাচ চকুৰে দেখা নাপাও । ৰক্ষা অনুসন্ধান আৰু বিকাশ কেন্দ্ৰই শত্ৰুৰ লগত যুঁজিবলৈ প্ৰযুক্তিৰ সৈতে নিজকৈ তৈয়াৰ কৰিছে ।" - ডিআৰডিঅ' অধ্যক্ষ তথা ৰক্ষা মন্ত্ৰালয়ৰ উপদেষ্টা ডঃ জি সতীচ ৰেড্ডীয়ে এইদৰে প্ৰকাশ কৰে ।

ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কোভিড-19 ৰ সৈতে যুঁজিবলৈ ডিআৰডিঅ'ই গ্ৰহণ কৰা ৰণনীতি সম্পৰ্কে অৱগত কৰে।

ভাইৰাচ চিনাক্তৰ ক্ষেত্ৰত ডিআৰডিঅৰ ভূমিকা কি বুলি সোধাত তেওঁ কয় যে, ভাইৰাচ অদৃশ্য শত্ৰু । আমি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছো । শীঘ্ৰেই বহু সজুলি অহাৰ পথত আছে । আনহাতে আন কিছু নিৰ্মাণ স্তৰত আছে ।

মাস্ক আৰু চেনিটাইজাৰ প্ৰসংগত তেওঁ কয় যে, চেনিটাইজাৰ চাহিদা পূৰাব পৰাকৈ প্ৰস্তুত কৰা হৈছে । টেলেংগনা চৰকাৰক ইতিমধ্যে দিয়া হৈছেই । আৰু ভেন্টেলেটৰ পৰিমান বঢ়াবলৈ নমুনা তৈয়াৰ কৰি প্ৰেৰণ কৰা হৈছে । উদ্যোগ সমূহে প্ৰস্তুত কৰিলেই সেইয়া উপলব্ধ হ'ব । প্ৰতি সপ্তাহে প্ৰায় 30000 ভেন্টেলেটৰ নিৰ্মাণ কৰা হৈ আছে, যাৰ মূল্য প্ৰতিটো গোটত চাৰিলাখ টকা ।

আনহাতে চিকিৎসা বিজ্ঞানৰ সৈতে মিলি স্বাস্থ্য ৰক্ষাৰ সামগ্ৰী নিৰ্মানটো ডিআৰডিঅ'ই মনোনিবেশ কৰা বুলি জনাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.