ETV Bharat / bharat

ভেদভাৱ নকৰাকৈ জম্মু আৰু কাশ্মীৰৰ উন্নয়নক গতি দিয়াটো চৰকাৰৰ উদ্দেশ্যঃ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহা

author img

By

Published : Aug 13, 2020, 4:58 PM IST

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালে স্থানীয় নিকায় প্ৰতিনিধি সকলক ক‘ভিড-19 ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান সমূহৰ সমাধানৰ ক্ষেত্ৰত নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনায় ৷

We aim to speed up J-K's development without discrimination: LG Manoj Sinha
কোনো ভেদভাৱ নকৰাকৈ জম্মু আৰু কাশ্মীৰৰ উন্নয়নক গতি দিয়াটো চৰকাৰৰ উদ্দেশ্যঃ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহা

নিউজ ডেস্ক, 13 আগষ্ট : জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহাই বুধবাৰে কয় যে, চৰকাৰৰ উদ্দেশ্য কোনো ভেদভাৱ নকৰাকৈ জম্মু আৰু কাশ্মীৰৰ উন্নয়নক গতি দিয়া ৷ সিংহাই প্ৰশাসনৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ স্থানীয় নিকায় সমূহৰ প্ৰতিনিধিয়ে শাসনকালত ভাল কাম কৰাৰ বাবে সন্মানিত কৰাৰ উদ্দেশ্যে আয়োজিত এক সমাৰোহত উপস্থিত হৈ কয়, "জম্মু আৰু কাশ্মীৰৰ বিকাশক কোনো ভেদভাৱ নকৰাকৈ গতি প্ৰদান কৰিব লাগে আৰু এয়া আমাৰ দায়বদ্ধতা সমূহৰ ভিতৰত অন্যতম ৷ " লগতে সিংহাই কয় যে, আমাৰ উদ্দেশ্য ৰাজনীতি কৰা নহয়, জম্মু-কাশ্মীৰৰ আত্মাক দেশৰ সৈতে সংযুক্ত কৰাহে আমাৰ মূল উদ্দেশ্য ৷ তদুপৰি জম্মু-কাশ্মীৰৰ লোকতন্ত্ৰ শক্তিশালী হৈছে বুলিও মন্তব্য কৰে লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহাই ৷

তেখেতে কয় যে, " মোৰ বিশ্বাস যে, কেন্দ্ৰীয় চৰকাৰে ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজৰ সংৰচনাৰ ওপৰত শীঘ্ৰেই নিৰ্ণয় ল‘ব ৷"

লগতে জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালে স্থানীয় নিকায় প্ৰতিনিধি সকলক ক‘ভিড-19 ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান সমূহৰ সমাধানৰ ক্ষেত্ৰত নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্ট পৰ্যন্ত বৃদ্ধি 144 ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.