ETV Bharat / bharat

মোহন ভাগৱতৰ সংঘৰ প্ৰতিষ্ঠা দিৱস আৰু বিজয়া দশমীৰ ভাষণৰ শলাগ ৱাছিম ৰিজৱীৰ

ছিয়া ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে কয় যে, আৰ এছ এছ প্ৰধান মোহন ভাগৱতে যেতিয়াই দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে, তেতিয়া তেওঁ দেশৰ বিভিন্ন সম্প্ৰদায়ক একত্ৰিত কৰাত উদগনি যোগোৱা কথা কয়। দেওবাৰে মোহন ভাগৱতে মন্তব্য কৰিছিল যে, মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস কৰাটো নাগৰিকত্ব সংশোধনী আইনৰ উদ্দেশ্য বুলি কৈ মুছলমানসকলক ভীতিগ্ৰস্ত কৰা হৈছিল । এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিজৱীয়ে ।

author img

By

Published : Oct 26, 2020, 12:31 PM IST

বিজয়া দশমীত মোহন ভগৱটৰ ভাষণৰ শলাগ ল'লে ৱাছিম ৰিজৱীয়ে

নিউজ ডেস্ক, ২৬ অক্টোবৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ মুছলমানসকলে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিলে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে । বিজয়া দশমীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সংঘপ্ৰধানে আগবঢ়োৱা ভাষণত কৈছিল যে, একাংশ ৰাজনৈতিক দলে মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ণ কৰা হৈছে বুলি অপপ্ৰচাৰ চলাইছিল । বিতৰ্কিত আইনখনৰ বিষয়ে বিৱৰণ দি মুছলমানসকলক আশ্বস্ত কৰাৰ বাবে ভাগৱতৰ শলাগ ল'লে ছিয়া ৱাকফ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে ।

লগতে পঢ়ক : হিন্দুত্ব হৈছে দেশৰ সাৰমৰ্ম : মোহন ভাগৱত

এক ভিডিঅ' বাৰ্তাযোগে তেওঁ কয় যে, "মোহন ভাগৱতে যেতিয়াই দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে, তেতিয়া তেওঁৰ ভাষণ দেশৰ বিভিন্ন সম্প্ৰদায়ক একত্ৰিত কৰাত প্ৰয়াস দেখা যায় । যদি আৰএছএছৰ দৰে সংগঠনে মুছলমানক সাহস দিয়ে তেন্তে, সম্প্ৰদায়সূহৰ মাজৰ তিক্ততা হ্ৰাস পাব । আমি ভাৰতীয়সকলে নাগৰিকত্ব সংশোধনী আইনক লৈ গৌৰৱ কৰিব লাগে । কিয়নো আমি সেয়া কৰিছো, যি আজিকোপতি কোনেও কৰিব পৰা নাই । সমগ্ৰ দেশতে অস্থিৰতাই দেখা দিছিল ।"

লগতে পঢ়ক : স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত সেনাবাহিনীক প্ৰশংসা সংঘপ্ৰধানৰ

তেওঁ লগতে কয় যে, "নাগৰিকত্ব সংশোধনী আইনৰ গয়না লৈ একাংশ সুবিধাবাদীয়ে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰাত সাম্প্ৰদায়িক সৌহাদ্যৰ প্ৰতি ভাবুকি আহি পৰিছিল । হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি হৈছিল । অকাৰণত বহু ঘৰ জ্বলাই দিয়া হ'ল । প্ৰকৃততে নাগৰিকত্ব সংশোধনী আইনৰ পৰা মুছলমানৰ একো ক্ষতি নহয় ।"

লগতে পঢ়ক : অনুচ্ছেদ 370 বাতিল দেশৰ এক ঐতিহাসিক সিদ্ধান্তঃ মোহন ভাগৱত

উল্লেখ্য যে, বিজয় দশমীত এক ভাষণত মোহন ভাগৱতে কৈছিল যে, এই আইনখনে কোনো বিশেষ সম্প্ৰদায়ৰ বিৰোধিতা নকৰে । কিন্তু যিসকলে এই আইনৰ বিৰোধিতা কৰিব বিচাৰিছিল, তেওঁলোকে ইয়াৰ এক পৃথক ব্যাখ্যা আগবঢ়াই নাগৰিকত্ব সংশোধনী আইনৰ উদ্দেশ্য মুছলমানৰ জনসংখ্যা হ্ৰাস কৰা বুলি কৈছিল । দৰাচলতে ইয়াৰ দ্বাৰা মুছলমানৰ ভাতৃ সকলক ভীতিগ্ৰস্ত কৰা হৈছিল ।

লগতে পঢ়ক : আৰএছএছ প্ৰতিষ্ঠা দিৱস : গৃহমন্ত্ৰী আৰু বিজেপি সভাপতিৰ শুভেচ্ছা জ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.