ETV Bharat / bharat

নিৰ্বাচন আয়োগক সাক্ষাৎ অভিনেতা বিবেক অৱেৰয়ৰ

author img

By

Published : Apr 19, 2019, 6:16 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিতৰ্কিত বায়’পিক ‘প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী’ ছবিখনৰ মুক্তিৰ সন্দৰ্ভত আলোচনাৰ বাবে নিৰ্বাচন আয়োগক পুনৰ সাক্ষাৎ কৰিলে বলিউডৰ অভিনেতা বিবেক অৱেৰয়ে ৷ অভিনেতা গৰাকীৰ মন্তব্য ‘প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী’ ছবিখনে কোনো কাৰণতে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰে ৷

etv bharat

নতুন দিল্লী, 19 এপ্ৰিলঃ শেহতীয়াকৈ বিশেষভাৱে চৰ্চা লাভ কৰা নৱনিৰ্মিত ছবি ‘প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী’ ছবিখনৰ মুক্তিৰ দিন লেহেমীয়া হৈ থকাৰ বাবে এই সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে পুনৰ বাৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে বলিউডৰ অভিনেতা বিবেক অৱেৰয়ে ৷ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ছবিখন নিৰ্মাণ কৰাৰ অভিযোগৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে অহা 22 এপ্ৰিলত শুনানীৰ দিন ধাৰ্য কৰিছিল ৷

নিৰ্বাচন আয়োগক সাক্ষাৎ অভিনেতা ৱিৱেক অৱেৰয়ৰ

ইফালে, এই সন্দৰ্ভত আগেও ছবি পৰিচালক তথা অভিনেতা বিবেক অৱেৰয়ে নিৰ্বাচনী আয়োগৰ সৈতে আলোচনাত মিলিত হৈছে যদিও পুনৰবাৰ আয়োগক সাক্ষাৎ কৰি শীঘ্ৰেই ছবিখন মুক্তি পোৱাৰ কথা ঘোষণা কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক হিচাপে নিৰ্মিত ছবিখনত মোডীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা বিবেক অৱেৰয়ে দাবী কৰে যে, ছবিখনৰ পিচত কোনো ৰাজনৈতিক এজেণ্ডা নাই ৷ ‘প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী’ ছবিখনে কোনো কাৰণতে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.