নিউজ ডেস্ক,23 আগষ্টঃ এবাৰ চকু মুদি শুনক তেওঁৰ কন্ঠ-এই শিৰোনামাৰে ইটিভি ভাৰতত প্ৰকাশ হৈছিল চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ৰ আঁত ধৰি এটা বাতৰি ৷ৰে'লৱে ষ্টেচনৰ প্লেটফৰ্মত সাধাৰণ জীৱন যাপন কৰা এগৰাকী মহিলাই লতা মংগেশকাৰৰ “এক প্যাৰ কা নগমা হেঁ” শীৰ্ষক গীতটিত কন্ঠ নিগৰাইছিল ৷ কোনো লোকে পশ্চিম বংগৰ এটা ৰে'লৱে ষ্টেচনৰ পৰা ফেচবুক লাইভ যোগে প্ৰচাৰ কৰিছিল মহিলাগৰাকীৰ ভিডিঅ' ৷ তাৰ পাচতেই সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছিল এই গৰাকী মহিলা ৷ ৰে'লৱে ষ্টেচনৰ প্লেটফৰ্মত সাধাৰণ জীৱন যাপন কৰা এই মহিলা গৰাকী পশ্চিম বংগৰ ৰাণু মণ্ডল ৷
এই মহিলাগৰাকীৰ সেই ভিডিঅ'টোক দৰ্শকে চাইছিল সাত মিলিয়নৰো অধিক বাৰ ৷ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অতি জনপ্ৰিয় হৈ পৰা ৰাণু মণ্ডলক হিমেশ ৰেছমীয়াই ‘হেপ্পী হাৰ্ডী এণ্ড হাৰ’ ছবিৰ বাবে ‘তেৰি মেৰী কাহিনী’ শীৰ্ষক গীতটিত কন্ঠদানৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল৷ হিমেশ ৰেছমীয়াৰ ষ্টুডিঅ’ত ৰাণু মণ্ডলে গীত গোৱা কিছু দৃশ্যাংশ পুনৰ ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে ৷চাওক এই ভিডিঅ'