নিউজ ডেস্ক, 3 নৱেম্বৰ : দেশৰ প্ৰখ্যাত ভায়োলিনবাদক তথা পদ্ম বঁটাপ্ৰাপক টিএন কৃষ্ণণে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ 92 বছৰ বয়সত চেন্নাইত মৃত্যুবৰণ কৰে টিএন কৃষ্ণণে ৷ 1926 চনৰ 6 অক্টোবৰত কেৰালাত জন্মগ্ৰহণ কৰিছিল কৃষ্ণণে ৷
ভাৰতীয় সংগীত জগতৰ অন্যতম পুৰোধা ভায়োলিনবাদক টিএন কৃষ্ণণে সংগীতৰ প্ৰতি থকা তেওঁৰ অৱদানৰ বাবে পদ্মভূষণ, পদ্মবিভূষণ আৰু সংগীত কলানিধিৰ দৰে সন্মানীয় বঁটা লাভ কৰিছিল ৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ মিউজিক এণ্ড ফাইন আৰ্টছৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও চেন্নাই মিউজিক কলেজত সহস্ৰাধিক শিক্ষাৰ্থীক ভায়োলিনবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷
মঙলবাৰে এইগৰাকী মহান ব্যক্তিক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ বিদায় জনোৱা হ'ব ৷
লগতে পঢ়ক : মুলাপল্লী ৰামাচন্দ্ৰনক তীব্ৰ সমালোচনা গায়িকা সোণা মহাপাত্ৰৰ