ETV Bharat / bharat

১০০ দিনৰ পাছত পুনৰ মুকলি হ'ল বিন্ধ্যাচল মন্দিৰৰ দুৱাৰ

author img

By

Published : Jun 29, 2020, 3:10 PM IST

বিন্ধ্যাচল মন্দিৰৰ উপৰিও উত্তৰ প্ৰদেশৰ কালিখোহ, অষ্টাভূজ আদি মন্দিৰ খোৱাৰ বাবে বিন্ধ্যা পাণ্ডা সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে, কোভিড-১৯ মহামাৰীৰ বাবে ২০ মাৰ্চৰ পৰা বন্ধ আছিল মন্দিৰৰ দুৱাৰ ।

 বিন্ধ্যাচল মন্দিৰ
Vindhyachal temple reopens after 100 days

নিউজ ডেস্ক, ২৯ জুনঃ ১০০ দিনৰ পাছত পুনৰ খোলা হ'ব উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাস্থিত বিন্ধ্যাচল মন্দিৰ । কোভিড-১৯ সংকটৰ বাবে দীৰ্ঘদিনৰ বাবে বন্ধ হৈ আছিল মন্দিৰটো । সোমবাৰৰ পৰা পুনৰ মন্দিৰটো খোলা হয় যদিও ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত বহু সীমাবদ্ধতা বান্ধি দিছে মন্দিৰ কৰ্তৃপক্ষই ।

বিন্ধ্যাচল মন্দিৰৰ দুৱাৰ পুনৰ খোলাৰ পূৰ্বে দেওবাৰে সন্ধিয়া মন্দিৰৰ পুৰোহিতসকলে অখণ্ড কীৰ্ত্তণ পাঠ অনুষ্ঠিত কৰে । ৮ জুনৰ পৰা সমগ্ৰ দেশতে আনল'ক ৱান আৰম্ভ হোৱাৰ পাছতে ধৰ্মীয় স্থলসমূহ খোলাৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছিল যদিও বিন্ধ্যাচল মন্দিৰ কৰ্তৃপক্ষই খোলা নাছিল মন্দিৰৰ দুৱাৰ ।

Vindhyachal temple reopens after 100 days
১০০ দিনৰ পাছত পুনৰ মুকলি হ'ল বিন্ধ্যাচল মন্দিৰৰ দুৱাৰ

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত গংগা নদীৰ পাৰত অৱস্থিত এই বিন্ধ্যাচল মন্দিৰটো । এই মন্দিৰটোৰ দেৱী বিন্ধ্যাবাচিনীৰ নামত উৰ্সগিত বুলি জানিব পৰা গৈছে ।

বিন্ধ্যাচল মন্দিৰৰ উপৰিও ৰাজ্যখনৰ কালিখোহ, অষ্টাভূজ আদি মন্দিৰ খোৱাৰ বাবে বিন্ধ্যা পাণ্ডা সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে, কোভিড-১৯ মহামাৰীৰ বাবে ২০ মাৰ্চৰ পৰা বন্ধ আছিল মন্দিৰৰ দুৱাৰ । ৮ জুনৰ পৰা সমগ্ৰ দেশতে ধৰ্মীয় স্থল খোলা হৈছিল যদিও বিন্ধ্যাচল মন্দিৰৰ এগৰাকী পুজাৰীৰ কোভিড-১৯ পজিটিভ পোৱা বাবে ভক্তৰ বাবে খোলা হোৱা নাছিল উক্ত মন্দিৰটো ।

বিন্ধ্যা পাণ্ডা সমাজৰ সভাপতি পংকজ দ্বিৱেদীয়ে উল্লেখ কৰা অনুসৰি, ভক্তসকলৰ মাজত সামাজিক দূৰত্ত্ব বৰ্তাই ৰখাৰ বাবে তেওঁলোকে সকলো ব্যৱস্থা কৰিছে । চৰকাৰৰ সকলো নিৰ্দেশাৱলী মানি চলি ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খোলা হয় বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.