ETV Bharat / bharat

মৃতকৰ জমা ধন উলিয়াবলৈ বেংকলৈ ৰাইজে আনিলে মৃতদেহ !

পাটনাৰ শ্বাহজাহানপুৰৰ ৰাইজৰ আচৰিত কাণ্ড । মৃতকৰ একাউন্টৰ পৰা ধন উলিয়াবলৈ বেংকত মৃতদেহলৈ ৰাইজে কৰিলে প্ৰতিবাদ । অৱশেষত মৃতদেহ সৎকাৰৰ বাবে বেংকটোৰ প্ৰবন্ধকে ১০ হাজাৰ টকাৰ সাহায্য় প্ৰদান কৰে উত্তেজিত ৰাইজক ।

মৃতকৰ ধন উলিয়াবলৈ বেংকত মৃতদেহসহ ৰাইজ !

author img

By

Published : Jan 6, 2021, 2:09 PM IST

নেশ্য়নেল ডেস্ক , ৬ জানুৱাৰী : বিহাৰত সংঘটিত হ’ল এক আজৱ ঘটনা । পাটনাৰ শ্বাহজাহানপুৰৰ ৰাইজৰ আচৰিত কাণ্ডত এতিয়া চৰ্চালৈ আহিছে গাঁওখন । এগৰাকী লোকৰ মৃতদেহ শ্মশান লৈ যোৱাৰ পৰিৱৰ্তে গাঁওবাসীয়ে মৃতদেহটো লৈ গ'ল বেংকলৈ । কেৱল এয়াই নহয় মৃতদেহটো বেংকত থৈ প্ৰতিবাদো সাব্য়স্ত কৰিছে গাঁওবাসীয়ে । কিন্তু কিয় এই কাম কৰিলে গাঁওবাসীয়ে, শুনিলে আপুনিও ভাবিবলৈ বাধ্য় হ’ব ।

আচলতে মৃত ব্য়ক্তিগৰাকীৰ একাউন্টত থকা ধন উদ্ধাৰৰ বাবে কাহানিও নেদেখা এই ঘটনা সংঘটিত কৰিলে গাঁওখনৰ ৰাইজে । মৃত ব্য়ক্তিগৰাকী আছিল ৫৫ বছৰীয়া মহেশ যাদৱ । তেওঁৰ মৃতদেহ সৎকাৰৰ বাবে গাঁওবাসীৰ ধনৰ অভাৱ হৈছিল । কিন্তু মহেশ যাদৱৰ উত্তৰাধিকাৰী কোনা নাছিল বাবে মহেশ যাদৱৰ মৃতদেহটো বেংকলৈ লৈ গৈ ধন উলিওৱাৰ সিদ্ধান্ত লৈছিল গাঁওবাসীয়ে । অকল এয়াই নহয় মহেশৰ মৃতদেহ কানাড়া বেংকৰ শাখাটোলৈ আনি বেংকৰ বিষয়াক মহেশৰ একাউন্টৰ পৰা ধন উলিয়াবলৈও দাবী জনাইছিল গাঁওবাসীয়ে ।

কিন্তু বেংক কৰ্তৃপক্ষই তেওঁলোকৰ সমস্য়াৰ কথা অৱগত কৰি তেওঁলোকৰ দাবী অমান্য় কৰে । বেংক কৰ্তৃপক্ষৰ এই কথাত ক্ষোভিত হৈ গাঁওবাসীয়ে মৃতদেহটো বেংকতে ৰাখি বেংকৰ বাহিৰত প্ৰতিবাদ সাব্য়স্ত কৰে । এই প্ৰতিবাদৰ ফলত বেংকটোত গাঁও পঞ্চায়ত , স্থানীয় আৰক্ষী আৰু বহু লোকে ভিৰ কৰে ।

ৰাইজৰ প্ৰতিবাদ দেখি অৱশেষত মৃতদেহ সৎকাৰৰ বাবে বেংকটোৰ প্ৰবন্ধকে উপায়ন্তৰ হৈ ৰাইজক ১০ হাজাৰ টকাৰ সাহায্য় প্ৰদান কৰে ।

ইফালে বেংকটোৰ প্ৰবন্ধকে জনোৱা মতে মহেশৰ একাউন্টত ১ লাখ ১৮ হাজাৰ টকা জমা আছে কিন্তু তেওঁৰ উত্তৰাধিকাৰী নোহোৱাকৈ সেই ধন বেংকে কোনো ব্য়ক্তিকে দিব নোৱাৰে ।

লগতে পঢ়ক :11 জানুৱাৰীত উচ্চতম ন্য়ায়ালয়ে গ্ৰহণ কৰিব কৃষক প্ৰতিবাদৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.