ETV Bharat / bharat

কনিষ্ঠ পুত্ৰকো আত্মসমৰ্পন কৰিবলৈ আহ্বান বিকাশ ডুবেৰ মাতৃৰ - বিকাশ ডুবে এনকাউন্টাৰ

গেংষ্টাৰ বিকাশ ডুবেৰ মাতৃ সৰলা দেবীয়ে বুধবাৰে কনিষ্ঠ পুত্ৰ দ্বীপ প্ৰকাশ ডুবেক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা তেওঁ আৰু তেওঁৰ পৰিয়ালটোক হত্যা কৰা হ'ব বুলিও মন্তব্য কৰে সৰলা দেবীয়ে ৷

মাতৃ সৰলা দেবী
কনিষ্ঠ পুত্ৰকো আত্মসমৰ্পন কৰিবলৈ আহ্বান বিকাশ ডুবেৰ মাতৃৰ
author img

By

Published : Jul 22, 2020, 7:21 PM IST

নেশ্যনেল ডেস্ক, 22 জুলাই : গেংষ্টাৰ বিকাশ ডুবেৰ মাতৃ সৰলা দেবীয়ে বুধবাৰে কনিষ্ঠ পুত্ৰ দ্বীপ প্ৰকাশ ডুবেক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা তেওঁ আৰু তেওঁৰ পৰিয়ালটোক হত্যা কৰা হ'ব বুলিও মন্তব্য কৰে সৰলা দেবীয়ে ৷

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দেবীয়ে কয়, "দ্বীপ প্ৰকাশ, ওলাই আহা আৰু আত্মসমৰ্পন কৰা, অন্যথা তোমাক আৰু তোমাৰ পৰিয়ালক হত্যা কৰিব ৷ আৰক্ষীয়ে তোমালোকক সুৰক্ষা দিব, তেওঁলোকে কেৱল প্ৰশ্ন কৰিব ৷ একো ভুল কৰা নাই যদি কিয় লুকাই আছা ৷ নিজৰ জ্যেষ্ঠ ভাতৃৰ কাৰণে পলাই ফুৰিব নালাগে, ফোনৰ জৰিয়তে মোক যোগাযোগ কৰা ৷"

কনিষ্ঠ পুত্ৰকো আত্মসমৰ্পন কৰিবলৈ আহ্বান বিকাশ ডুবেৰ মাতৃৰ

উত্তৰ প্ৰদেশৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰশান্ত কুমাৰে জানিবলৈ দিয়া অনুসৰি, 3 জুলাইৰ কানপুৰ এনকাউন্টাৰৰ পৰা পলাতক অৱস্থাত আছে দ্বীপ প্ৰকাশ ৷ দ্বীপ প্ৰকাশৰ শুংসূত্ৰ প্ৰদান কৰিব পৰা লোকক 20,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে লক্ষ্নৌ আৰক্ষীয়ে ৷

উল্লেখ্য যে, মধ্যপ্ৰদেশ আৰক্ষীয়ে 9 জুলাইৰ দিনা বিকাশ ডুবেক উজ্জেইনৰ মহাকাল মন্দিৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পাচতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে 10 জুলাইৰ দিনা পলায়ন কৰিবলৈ চেষ্টা কৰা বাবে বিকাশ ডুবেক এনকাউন্টাৰ কৰিছিল ৷

লগতে পঢ়ক : POCSO অভিযুক্তই জপিয়ালে সাগৰত : সন্ধান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.