ETV Bharat / bharat

ককাক অমৰিশ পুৰীৰ পুৰণি স্মৃতি ৰোমন্থন বৰ্ধন পুৰীৰ - কৰণ অৰ্জুন

"আমি বহুত ভাল বন্ধু আছিলো। যেতিয়া তেঁও মোৰ লগত আছিল তেতিয়া মোক আৰু কোনো আন লোকৰ প্ৰয়োজন নাছিল। তেওঁ বাস্তৱিকতে এজন বহুত ভদ্ৰ আৰু মৰমীয়াল লোক আছিল।" অমৰিশ পুৰীৰ ওপজা দিনটোত তেখেতৰ স্মৃতি ৰোমন্থন কৰি এই কথা উল্লেখ কৰে নাতিয়েক বৰ্ধন পুৰীয়ে।

Amrish Puri
Vardhan Puri shares fond memories of grandfather Amrish Puri
author img

By

Published : Jun 22, 2020, 2:58 PM IST

এণ্টাৰটেইমেণ্ট ডেস্ক, ২২ জুনঃ আজি বলীউডৰ বলিষ্ঠ অভিনেতা অমৰিশ পুৰীৰ ৮৮ বছৰীয়া ওপজা দিন। ১৯৩২ চনৰ ২২ জুনত অৰ্থাৎ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে। তেখেতৰ জন্ম দিনটোত নাতিয়েক তথা উদীয়মান অভিনেতা বৰ্ধন পুৰীয়ে তেখেতৰ সৈতে কটোৱা কিছু স্মৃতি ৰোমন্থন কৰে।

বলীউড জগতত নিজৰ দুৰ্দান্ত অভিনয়েৰে এক সুকীয়া স্থান দখল কৰা অভিনেতাগৰাকীয়ে 'নিশান্ত', 'মন্থন', 'ভূমিকা' আদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰিছিল। একেদৰে, 'দিলৱালে দুল্হনীয়া লে জায়েংগে', 'কৰণ অৰ্জুন', 'নায়কঃ দ্যা ৰিয়েল হিৰো' আদিৰ দৰে বাণিজ্যিকভাৱে সফল ছবিতো অভিনয় কৰিছিল প্ৰয়াত অমৰিশ পুৰীয়ে। 'মিষ্টাৰ ইণ্ডিয়া' ছবিত 'মোগেম্বো'ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে। তেখেতে স্টিভেন স্পিলবাৰ্গৰ 'Indian Jones And The Temple Of Doom' ছবিত 'মোলাৰাম'ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু নাতিয়েক বৰ্ধন পুৰীৰ বাবে এজন অভিনেতাতকৈ বহু ওপৰত আছিল অমৰিশ পুৰী। উদীয়মান অভিনেতাগৰাকীয়ে এটা নিউজ এজেঞ্চিৰ আগত প্ৰকাশ কৰা অনুসৰি, "আমি বহুত ভাল বন্ধু আছিলো । যেতিয়া তেঁও মোৰ লগত আছিল তেতিয়া মোক আৰু কোনো আন লোকৰ প্ৰয়োজন নাছিল । আমি একেলগে পুৰণি ছবি, ডিচকভাৰী চেনেল আৰু কাৰ্টুন চাইছিলো । তেওঁ বাস্তৱিকতে এজন বহুত ভদ্ৰ আৰু মৰমীয়াল লোক আছিল।"

Vardhan Puri shares fond memories of grandfather Amrish Puri
ককাক অমৰিশ পুৰীৰ পুৰণি স্মৃতি ৰোমন্থন বৰ্ধন পুৰীৰ

১৯৯৭ বৰ্ষত মুক্তি লাভ কৰা 'বিৰাসত' নামৰ ছবিখনত ককাক অমৰিশ পুৰীয়ে 'ৰাজা ঠাকুৰ'ৰ চৰিত্ৰত কৰা অভিনয়ক সৰ্বশ্ৰেষ্ঠ চৰিত্ৰ বুলি ভাৱে নাতিয়েক বৰ্ধন পুৰীয়ে । "ছবিখনত ককাই কৰা অভিনয় চাই মোৰ চকুপানী নিগৰে" বুলি উল্লেখ কৰে অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, ২০০৫ বৰ্ষৰ ১২ জানুৱাৰীত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰিছিল অভিনেতা অমৰিশ পুৰীয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.