ETV Bharat / bharat

৩-১৫ জুলাইলৈ সম্পন্ন হ'ব বন্দে ভাৰত মিছনৰ চতুৰ্থ সংস্কৰণ

author img

By

Published : Jun 28, 2020, 8:26 PM IST

বন্দে ভাৰত মিছনৰ চতুৰ্থ সংখ্যক সংস্কৰণ প্ৰক্ৰিয়াত ৩ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত ১৭ খন দেশৰ পৰা ১৭০ খন বিমানৰ সঞ্চালন কৰা হ'ব । মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে ২৩ মাৰ্চৰ পৰা ভাৰতত অনুসূচিত আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ-অৱতৰণ স্থগিত ৰখা হৈছিল ।

৩-১৫ জুলাইলৈ সম্পন্ন হ'ব বন্দে ভাৰত মিছনৰ চতুৰ্থ সংস্কৰণ
৩-১৫ জুলাইলৈ সম্পন্ন হ'ব বন্দে ভাৰত মিছনৰ চতুৰ্থ সংস্কৰণ

নেশ্যনেল ডেস্ক, ২৮ জুন : এয়াৰ ইণ্ডিয়াৰ বিষয়ববীয়াৰ এক দস্তাবেজত উল্লেখিত অনুসৰি, বন্দে ভাৰত মিছনৰ চতুৰ্থ সংখ্যক সংস্কৰণ প্ৰক্ৰিয়াত ৩ জুলাৰ পৰা ১৫ জুলাইৰ ভিতৰত ১৭ খন দেশৰ পৰা ১৭০ খন বিমানৰ সঞ্চালন কৰা হ'ব ।

চৰকাৰে ৬ মে তাৰিখে এই মিছন আৰম্ভ কৰে, কিয়নো আৱদ্ধ লোকসকলক বিশেষ প্ৰত্যাৱৰ্তন বিমানযোগে নিজ নিজ গন্তব্য স্থানলৈ পঠিওৱাত সহায় কৰিব পাৰে । মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে ২৩ মাৰ্চৰ পৰা ভাৰতত অনুসূচিত আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ-অৱতৰণ স্থগিত ৰখা হৈছিল ।

বন্দে ভাৰত মিছনৰ চতুৰ্থ সংখ্যক সংস্কৰণত এয়াৰ ইণ্ডিয়া কানাডা, আমেৰিকা, ইংলেণ্ড, কেনিয়া, শ্ৰীলংকা, ফিলিপাইনছ, কিৰ্গিস্তান, চৌদি আৰৱ, বাংলাদেশ, থাইলেণ্ড, দক্ষিণ আফ্ৰিকা, ৰাছিয়া, অষ্ট্ৰেলিয়া, ম্যানমাৰ, জাপান য়ুক্ৰেন আৰু ভিয়েটনামৰ সৈতে ভাৰতক সংলগ্ন কৰা ১৭০ খন বিমানৰ সঞ্চালন কৰা হ'ব ।

দস্তাবেজ অনুসৰি, মুঠ ৩৮ খন বিমান ৩২ খন বিমান ক্ৰমে ভাৰত-ব্ৰিটেইন আৰু ভাৰত-আমেৰিকা দিশত সঞ্চালিত হব । ইফালে, ৰাষ্ট্ৰীয় বাহক ভাৰত আৰু চৌদি আৰৱৰ মাজত ২৬ খন বিমানৰ সঞ্চালন কৰা হ'ব ।

এয়াৰ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত ৪৯৫ চাৰ্টৰ্ড বিমান বিভিন্ন দেশলৈ সঞ্চালিত হব আৰু এই প্ৰক্ৰিয়া ১০ জুনৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ৪ জুলাইত সমাপ্ত হ'ব । প্ৰথম সংস্কৰণ ৭ মেৰ পৰা ১৬ মেলৈ অব্যাহত আছিল আৰু ইয়াৰ পিছতে দ্বিতীয় সংস্কৰণ আৰম্ভ হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.