ETV Bharat / bharat

বন্দে ভাৰত অভিযান : এয়াৰ ইণ্ডিয়াই চলাব অতিৰিক্ত বিমান - অতিৰিক্ত বিমানৰ চলাচল

এয়াৰ ইণ্ডিয়াই 4 জুনৰ পৰা 6 জুনৰ ভিতৰত অতিৰিক্ত বিমানৰ চলাচল কৰিব আৰু বিদেশত আবদ্ধ লোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব । টুইটৰ জৰিয়তে কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথা অৱগত কৰে ।

বন্দে ভাৰত অভিযান
বন্দে ভাৰত অভিযান
author img

By

Published : May 30, 2020, 9:25 AM IST

নিউজ ডেস্ক, 30 মে': অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে জনাই যে, এয়াৰ ইণ্ডিয়াই 4 জুনৰ পৰা 6 জুনৰ ভিতৰত অতিৰিক্ত বিমানৰ চলাচল কৰিব আৰু বিদেশত আবদ্ধ লোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব । টুইটৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে এই কথা । লগতে তেওঁ জনাই যে, শুকুৰবাৰৰ পুৱা 11 বজাৰ পৰা টিকট বুকিং আৰম্ভ হৈছে ।

  • Additional flights announced by @airindiain under Mission Vande Bharat.
    Delhi to Auckland on 4 June.
    Delhi to Chicago & Stockholm on 5 June.
    Delhi to New York, Frankfurt & Seoul on 6 June.
    Mumbai to London & Newark on 6 June
    Bookings start from 1100hrs IST on 30 May 2020.

    — Hardeep Singh Puri (@HardeepSPuri) May 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিমানসমূহে ব্ৰিটেইন, আমেৰিকা, জাৰ্মানী, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড আৰু ছুইডেনত থকা লোকসকলক উদ্ধাৰ কৰি ভাৰতলৈ আনিব । কৰ'ণা ভাইৰাছ সংকটৰ সময়ত বিদেশী ৰাষ্ট্ৰ কেইখনত আবদ্ধ হৈ আছিল বহু ভাৰতীয় ।

ভাৰত চৰকাৰে 7 মে'ৰ পৰা বিদেশত আবদ্ধ লোকক উদ্ধাৰৰ বাবে এই অভিযান আৰম্ভ কৰিছিল । প্ৰথম পৰ্যায় 7 মে'ৰ পৰা আৰম্ভ হৈ 13 মে'ত সমাপ্ত হৈছিল । এই অভিযানৰ জৰিয়তে 64 খন বিমানেৰে বিদেশত আবদ্ধ 14,800 লোকক ভাৰতলৈ অনাৰ ব্য়ৱস্থা কৰা হৈছিল ।

আনহাতে দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল 17 মে'ৰ পৰা 13 জুনলৈ চলিব । য'ত 60 খন বিদেশী ৰাষ্ট্ৰত থকা প্ৰবাসী লোকসকলক উদ্ধাৰ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.