নিউজ ডেস্ক, ১৯ জুনঃ এখন আজৱ বিয়া । কিন্তু বিয়াখনৰ আলহী হৈ সন্তুষ্টি লাভ কৰিলে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ একাংশ লোকে । প্ৰয়াগৰাজ নিবাসী এজন ৩২ বছৰীয়া যুৱকে এটি প্ৰতিকৃতিৰ লগত আৱদ্ধ হ'ল বিবাহপাশত । পিতৃৰ একান্ত বাধ্য হৈয়ে হিন্দু ধৰ্মৰ সকলো ধৰণৰ পৰম্পৰা পালন কৰি বৃহস্পতিবাৰে প্ৰতিকৃতিৰ লগত বিবাহ সম্পন্ন কৰে যুৱকজনে ।
আনহাতে, যুৱকজনৰ পিতৃৰ ভাষ্য অনুসৰি ৩২ বছৰীয়া যুৱকজনৰ বিবাহৰ বাবে লক ডাউনৰ মাজতে বহু চোৱা-চিতা কৰাৰ পাচতো পোৱা নাছিল কোনো যোগ্য পাত্ৰী । যাৰ বাবে বৃদ্ধ পিতৃৰ পৰলোকপ্ৰাপ্তি ঘটাৰ পূৰ্বে পুত্ৰ বিবাহ-পাশত আৱদ্ধ হোৱা চাবলৈ প্ৰৱল ইচ্ছা থকাত সকলো হিন্দু পৰম্পৰা অনুসৰি এটি প্ৰতিকৃতিক বিবাহ কৰাই যুৱকজনে নিজৰ পত্নী হিচাপে স্বীকাৰ কৰে বুলি জানিবলৈ দিয়ে ।
৩২ বছৰীয়া যুৱকজনে সঠিক সময়ত বিবাহ-পাশত আৱদ্ধ হৈ পিতৃৰ আজীৱন পুহি ৰখা সপোন পূৰ্ণ কৰে বুলিও জানিবলৈ দিয়ে পিতৃ শিৱ মোহন পালে ।
লগতে পঢ়ক : কেৰালাৰ ছবি পৰিচালক কে. আৰ. সচ্ছিদানন্দনৰ দেহাৱসান