ETV Bharat / bharat

জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে নতুন ৰাজ্যিক পশু-পক্ষীৰ সন্ধান - কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ বাবে নতুন ৰাজ্যিক পশু-পক্ষীৰ সন্ধান আৰম্ভ

কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তনৰ পূৰ্বে কাশ্মীৰী হাগুল আৰু কলা ডিঙিৰ ক্ৰেন চৰাই আছিল পূৰ্বৰ কাশ্মীৰৰ ৰাজ্যিক পশু-পক্ষী ৷

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ বাবে নতুন ৰাজ্যিক পশু-পক্ষীৰ সন্ধান আৰম্ভ
author img

By

Published : Nov 3, 2019, 11:22 PM IST

শ্ৰীনগৰ, 3 নৱেম্বৰ: যোৱা 5 আগষ্টত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰক বিশেষ ৰাজ্যৰ মাৰ্যদা প্ৰদান কৰা সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰাৰ পাছত নতুন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে এতিয়া আৰম্ভ হৈছে নতুন ৰাজ্যিক পশু-পক্ষীৰ সন্ধান ৷ ইতিমধ্যে নতুনকৈ ৰাজ্যিক পশু-পক্ষী বাচনি কৰিবৰ বাবে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে নতুনকৈ বিশেষ গোটৰ গঠন কৰিছে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হোৱাৰ পূৰ্বে কাশ্মীৰৰ ৰাজ্যিক পশু আছিল কাশ্মীৰী হেগাল পহু আৰু ৰাজ্যিক পক্ষী আছিল কলা ডিঙিৰ ক্ৰেন চৰাই ৷ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন ৰাজ্যিক পশু-পক্ষীৰ সন্ধান অব্যাহত থকাৰ সময়ত এই সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা এক বাৰ্তালাপত নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ এগৰাকী জেষ্ঠ বিষয়াই কয়, " যিকোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজস্ব কিছুমান চিহ্ন থাকে যেনে ৰাজ্যিক পশু-পক্ষী ৷ এই চিহ্নই ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল এটাৰ নিজস্ব বৈশিষ্টতাক প্ৰতিনিধিত্ব কৰে ৷ জম্মু-কাশ্মীৰ আৰু লাডাখ পৃথক হোৱাৰ পাছত দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পৃথক ৰাজ্যিক পশু-পক্ষী নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছে ৷ ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে ৷"

কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তনৰ পূৰ্বে কাশ্মীৰী হাগুল আৰু কলা ডিঙিৰ ক্ৰেন চৰাই আছিল পূৰ্বৰ কাশ্মীৰৰ ৰাজ্যিক পশু-পক্ষী

ইফালে বিশেষজ্ঞ সকলৰ মতামত অনুসৰি কাশ্মীৰৰ বাবে কাশ্মীৰী হেগাল পহু হ'ব ৰাজ্যিক পশুৰ বাবে উত্তম পচন্দ কিয়নো এই হাগুল পহু কেৱল কাশ্মীৰ উপত্যকাতহে পোৱা যায় ৷ এই সন্দৰ্ভত পৰিৱেশকৰ্মী তথা জেষ্ঠ সাংবাদিক জলিল ৰাথোৰে সাংবাদিকৰ আগত কয় যে, "হাগুল পহু কেৱল কাশ্মীৰৰ ডাছি গাম ৰাষ্ট্ৰীয় উদ্যানতহে পোৱা যায় লগতে উদ্যানৰ বিৰল পশুৰ তালিকাত ই 1950 চনৰ পৰাই অন্তৰ্ভূক্ত গতিকে কাশ্মীৰৰ ৰাজ্যিক পশুৰ বাবে হাগুল পহুৰ বিকল্প একো হব নোৱাৰে৷" ইফালে কেন্দ্ৰীয় শাসিত কাশ্মীৰৰ ৰাজ্যিক পক্ষীৰ প্ৰসংগত ৰাথোৰে কয়," হিমালয়ান ঈগল কাশ্মীৰৰ ৰাজ্যিক পক্ষী হব পাৰে ৷" আনহাতে লাডাখৰ ৰাষ্ট্ৰীয় পক্ষীৰ ক্ষেত্ৰত কলা ডিঙিৰ ক্ৰেন চৰাইৰ কথা উল্লেখ কৰে জেষ্ঠ সাংবাদিকজনে ৷ লগতে য়াক বা পৰ্বতীয়া উটক লাডাখৰ ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাই পৰিৱেশকৰ্মী জলিল ৰাথোৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.