ETV Bharat / bharat

শীঘ্ৰেই ঘোষণা হ'ব আমেৰিকা আৰু তালিবানৰ মাজৰ শান্তি চুক্তি - তালিবান বাতৰি

শীঘ্ৰেই স্বাক্ষৰ হ'ব আমেৰিকা আৰু তালিবানৰ মাজৰ শান্তি চুক্তি ৷ আগন্তুক কিছু দিনৰ ভিতৰতেই দুয়োখন দেশৰ মাজত স্বাক্ষৰ হ'ব এই শান্তি চুক্তি ৷ ইয়াৰ লগে লগেই আফগানিস্তানৰ লগত শান্তি আলোচনা সন্দৰ্ভতো আগবাঢ়িব আমেৰিকাই ৷

শীঘ্ৰেই ঘোষণা হ'ব আমেৰিকা আৰু তালিবানৰ মাজৰ শান্তি চুক্তি

author img

By

Published : Dec 28, 2019, 7:28 PM IST

নিউজ ডেস্ক, 28 ডিচেম্বৰঃ শীঘ্ৰেই আমেৰিকা আৰু তালিবানৰ মাজত সম্পাদন হ'ব শান্তি চুক্তি ৷ পৰৱৰ্তী সময়ত আমেৰিকা আৰু তালিবানৰ মাজত শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত দুয়োয়ে এক সময়সীমা নিৰ্ধাৰণ কৰিব ৷ যুদ্ধবিৰতিৰ দুটা চৰ্ত আছে -- আমেৰিকাৰ লগত যিকোনো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে তালিবানে যুদ্ধবিৰতি ঘোষণা কৰিব লাগিব আৰু দ্বিতীয়তে আফগানিস্তানত থকা নাগৰিকসকলে এই চুক্তিত পূৰ্ণ সঁহাৰি জনাব লাগিব ৷ প্ৰথম চৰ্তটোত তালিবান কেতিয়াও মান্তি নহ'ব বুলি প্ৰকাশ কৰে তালিবানৰ প্ৰাক্তন কামাণ্ডাৰ ছৈয়দ আকবৰ আঘাই ৷

Etv Bharat Assam
শীঘ্ৰেই ঘোষণা হ'ব আমেৰিকা আৰু তালিবানৰ মাজৰ শান্তি চুক্তি

এই শান্তি চুক্তিখনে আমেৰিকা আৰু আফগানিস্তানৰ মাজত যুদ্ধবিৰতি হোৱাত সহায় কৰিব বুলি পাকিস্তানে আশা কৰে বুলি কাবুলস্থিত পাকিস্তানৰ ৰাষ্ট্ৰদূত জাহিদ নছৰুল্লাহ খানে প্ৰকাশ কৰে ৷ শান্তিবাৰ্তাৰ হকে কাম কৰাৰ্থে এটা দল নিৰ্মাণৰ বাবে আফগানিস্তানৰ কিছু সংখ্যক ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা অব্যাহত আছে ৷ একমাত্ৰ আফগান প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাইহে দুয়োখন ৰাষ্ট্ৰৰ মাজত শান্তিৰ দুৱাৰ মুকলি কৰিব বুলি আফগানিস্তানৰ মুখ্য কাৰ্যবাহী আব্দুল্লা আব্দুল্লাই উল্লেখ কৰে ৷

আফগানিস্তানৰ অধিকসংখ্যক জনতাই শান্তি বিচাৰে ৷ এই শান্তিৰ হকে কৰা যিকোনো পদক্ষেপক সম্পূৰ্ণ সমৰ্থন জনাব আফগানিস্তানবাসীয়ে ৷

আৰু পঢ়ক: ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.