নিউজ ডেস্ক, 26 জুনঃ লোকসভা নিৰ্বাচনৰ পিচতেই প্ৰথমবাৰৰ বাবে উচ্চ-পৰ্যায়ৰ বৈদেশিক আমোলাতান্ত্ৰিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে ভাৰতত আহি উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইকেল পামপিও ৷ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উচ্চ-পৰ্যায়ৰ আমেৰিকান আমোলাৰ দলৰ সৈতে মঙলবাৰে নিশা নতুন দিল্লীত উপস্থিত হয় আমেৰিকাৰ শীৰ্ষ বিষয়াগৰাকী ৷
কাটছাক লৈ ভাৰত-আমেৰিকাৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰতত আহি উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষ আমোলাগৰাকী ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সামৰিক-বাণিজ্যিক কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব ৷ ইয়াৰ উপৰিও, সন্ত্ৰাসবাদ, H1B ভিছা, ৰাছিয়াৰ সৈতে সম্পাদিত S400 ক্ষেপনাস্ত্ৰ চুক্তি, ইৰাণ-ভাৰতৰ মাজৰ তৈল চুক্তিৰ বিষয়েও আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ আমোলাসকল ৷ বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষ আমোলাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰিব ৷ এই আলোচনাতে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোডীক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হৈ আনুষ্ঠানিক শুভেচ্ছা প্ৰদান কৰিব ষ্টেট ছেক্ৰেটাৰীগৰাকীয়ে ৷ আবেলিৰ ভাগত ভাৰতৰ বৈদেশিক মন্ত্ৰী তথা দেশৰ এগৰাকী অন্যতম প্ৰাক্তন আমোলা ডাঃ এছ জয়শংকৰৰ সৈতে বৈদেশিক পৰিক্ৰমা সন্দৰ্ভত আলোচনাত মিলিত হ'ব মাইকেল পামপিও ৷