নেশ্যনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী: ভাৰত-আমেৰিকাৰ সামৰিক অনুশীলনত অংশ ল'বলৈ অহা আমেৰিকাৰ এগৰাকী সেনাৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মঙলবাৰে এই কথা পোহৰলৈ আহে । ৰাজস্থানৰ মহাজন ফায়াৰিং ৰেঞ্জত অনুষ্ঠিত হৈ থকা ১৬ সংখ্যক 'যুদ্ধ অভ্যাস' শীৰ্ষক ভাৰত-আমেৰিকাৰ সামৰিক অনুশীলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল ২২ বছৰীয়া সেনা জোৱানগৰাকী ।
বিকানেৰস্থিত চৰ্দাৰ পেটেল মেডিকেল কলেজত পঞ্জীয়ন কৰা COVID-১৯ত আক্ৰান্তৰ তালিকাত আছে মাৰ্কিন সেনাগৰাকীৰ নাম । সোমবাৰৰ পৰা ৰাজস্থানৰ মহাজন ফায়াৰিং ৰেঞ্জৰ পশ্চিম ছেক্টৰত ভাৰত আৰু আমেৰিকাৰ সেনা বাহিনীয়ে অনুশীলন চলাই আছে । অৱশ্যে, মাৰ্কিন সৈন্যগৰাকী মহামাৰীত আক্ৰান্ত হোৱা সন্দৰ্ভত বিষদ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে সেনাৰ মুখপাত্ৰ । আনহাতে, এই সন্দৰ্ভত চৰ্দাৰ পেটেল মেডিকেল কলেজৰ অধ্যক্ষ তথা হাস্পতালৰ অধীক্ষকগৰাকীয়েও অনুসন্ধান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে ।
তেওঁ কয় যে, যদি কোনো সেনা জোৱান মহামাৰীত আক্ৰান্ত হয়, তেন্তে প্ৰশাসনৰ তৰফৰ পৰা আইছ'লেশ্যনৰ ব্যৱস্থা কৰাৰ লগতে যাৱতীয় চিকিৎসা প্ৰদান কৰা হ'ব । উল্লেখ্য যে, অহা ২১ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া সামৰিক অনুশীলনত অংশ লোৱাৰ বাবে ৰাজস্থানৰ বিকানেৰ জিলাত উপস্থিত হৈছেহি প্ৰায় ২৪০ গৰাকী মাৰ্কিন সেনা ।
লগতে পঢ়ক:মিজোৰামত পুনৰ ৩জন কৰ'ণাত আক্ৰান্ত