নেশ্যনেল ডেস্ক,4 ফেব্ৰুৱাৰী : মঙলবাৰে ৰাজ্যসভাত CAA আৰু NPRকলৈ তীব্ৰ কোলাহলৰ সৃষ্টি হয় ৷ ৰাজ্যসভাত CAA আৰু NPR সন্দৰ্ভত চলা বিতৰ্কৰ সময়তে শাসিত আৰু বিৰোধী দলৰ সাংসদসকলৰ মাজত চলা বাক-বিতণ্ডাই কোলাহলৰ ৰূপ লয় ৷
বিৰোধী সাংসদসকলেও ৰাজ্যসভাত যথেষ্ট হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ দিল্লীত সংঘটিত শেহতীয়া বিতৰ্কিত যুৱকৰ গুলিচালনাৰ সন্দৰ্ভত ৰাজ্যসভাৰ ভিতৰত বিৰোধী সাংসদ সকলে "গোলি চালনা বন্দ কৰৌ"(গুলি চলোৱা বন্ধ কৰা) শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷
সোমবাৰেও ৰাজ্যসভাত প্ৰশ্ন-উত্তৰৰ পযাৰ্য়ত পৃথক পৃথক বিষয়কলৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে এই বিষয়বোৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিয়াৰ লগতে ৰাজ্যসভাত তেওঁৰ উপস্থিতি দাবী কৰে ৷
লগতে:নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভেদকাৰৰ