নিউজ ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ নবাব গঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পেটেল নগৰৰত চাঞ্চল্যকৰ ঘটনা ৷ এটা বাসগৃহত একেটা চাৰিজন সদস্যৰ মৃতদেহৰ লগতে এগৰাকী স্থানীয় মহিলা গুৰুতৰভাবে আহত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বৰ্তমানলৈ এই ভয়ংকৰ হত্যাৰ কোনো ধৰণৰ তথ্য আৰক্ষীৰ হাতত নাই । কিন্তু তেওঁলোকে জনোৱা অনুসৰি, হত্যাকাৰীয়ে পৰিয়ালটিৰ দুগৰাকী কন্যা আৰু ১ জন পুত্ৰৰ সৈতে মিলি ব্যক্তি কেইগৰাকীক হত্যা কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটিৰ পত্নী গুৰুতৰভাবে আহত হয় আৰু ততালিকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে-লগে জিলা আৰক্ষী অধীক্ষক প্ৰয়াগৰাজ নিৰাপত্তা বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । ইতিমধ্যে, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অপৰাধীক কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিছে ।
লগতে পঢ়ক : স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নীৰ