ETV Bharat / bharat

কানপুৰ এনকাউণ্টাৰ : নিহত আৰক্ষীৰ পৰিয়াললৈ ১ কোটিৰ আৰ্থিক সাহায্য - উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী জোৱান নিহত

কাণপুৰ এনকাউণ্টাৰত প্ৰাণ হেৰুওৱা প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য আগবঢ়াব উত্তৰ প্ৰদেশ চৰকাৰে। লগতে, পেঞ্চন আৰু পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰে।

UP CM
UP CM announces Rs 1 cr each ex-gratia to kin of policemen killed in Kanpur encounter
author img

By

Published : Jul 3, 2020, 9:52 PM IST

Updated : Jul 4, 2020, 6:27 AM IST

নিউজ ডেস্ক, ৩ জুলাইঃ উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত শোকপ্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিকাৰু গাঁৱত সংঘটিত এই ঘটনাত নিহত প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক অনুদান ঘোষণা কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে।

UP CM announces Rs 1 cr each ex-gratia to kin of policemen killed in Kanpur encounter
কানপুৰ এনকাউণ্টাৰত নিহত আৰক্ষীৰ পৰিয়াললৈ ১ কোটিৰ আৰ্থিক সাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

"কানপুৰ এনকাউণ্টাৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে ২ জন অপৰাধীৰ মৃত্যু হৈছে। আৰক্ষী জোৱানসকলৰ এই ত্যাগ কেতিয়াও অথলে যাব দিয়া নহ'ব। ইয়াৰ বাবে জনসাধাৰণ সদায় দায়বদ্ধ। এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য আগবঢ়োৱা হ'ব। লগতে, পেঞ্চন আৰু পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব" বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰে।

উল্লেখ্য যে, বিকাশ ডুবে নামৰ এজন অপৰাধী বিকাৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই পুৱতি নিশা 3.30 বজাত প্ৰায় 50 জনীয়া আৰক্ষীৰ দলে অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু সেই সময়তে ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল ৷ এই ঘটনাত চক্ৰ বিষয়া দেবেন্দ্ৰ কুমাৰ মিশ্ৰ,আৰক্ষী বিষয়া মহেশ যাদৱ,উপ-পৰিদৰ্শক নেবুলাল,আৰক্ষী চকীৰ প্ৰভাৰী অনুপ কুমাৰ,কনিষ্টবল চুলটান সিং,ৰাহুল,জিতেন্দ্ৰ আৰু বাবলু নিহত হয়।

লগতে পঢ়ক : গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

Last Updated : Jul 4, 2020, 6:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.