ETV Bharat / bharat

" নেহৰু এজন ভোগবাদী ব্যক্তি আছিল " - প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহৰু

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে বিবাদিত মন্তব্য বিজেপি বিধায়ক বিক্ৰম সিং চাইনিৰ ৷ বিধায়ক গৰাকীয়ে নেহৰুক ভোগবাদী ব্যক্তি হিচাপে অভিহিত কৰে ৷

Neheru and mountbetten
author img

By

Published : Sep 18, 2019, 8:39 PM IST

নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে বিবাদিত মন্তব্য উত্তৰ-প্ৰদেশৰ খাটাওলি বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বিক্ৰম সিং চাইনিৰ ৷ বিধায়ক গৰাকীয়ে নেহৰুক ভোগবাদী ব্যক্তি হিচাপে অভিহিত কৰে ৷

ইয়াতে ক্ষান্ত নাথাকি বৃটিছ শাসনৰ পাচত দেশ বিভাজনৰ বাবে অন্যতম জগৰীয়া বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ চ'চিয়েল মিডিয়াযোগে প্ৰধানমন্ত্ৰী মোদী আৰু বিশ্বৰ অনান্য নেতা সকলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি দুয়োগৰাকী নেতাৰ মাজৰ পাৰ্থক্য দেখুৱাবলৈ চেষ্টা কৰে বিধায়ক বিক্ৰম সিং চাইনিয়ে ৷ তেখেতে কয় যে, মোদী ভাৰত মাতৃৰ সু-সন্তান, তেখেতে কেৱল ভাৰতৰ পতাকা খনলৈহে লক্ষ্য কৰে ৷ বিপৰীতে নেহৰু সম্পূৰ্ণৰূপে এজন বিলাসপ্ৰিয় ব্যক্তি ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 কৰ্তন সন্দৰ্ভতো বিবাদিত মন্তব্য কৰিছিল বিজেপি বিধায়ক বিক্ৰম সিং চাইনিয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.