ETV Bharat / bharat

চিকিৎসালয়ত মৃত্যু উন্নাও কাণ্ডৰ দুৰ্ভগীয়া নিৰ্যাতিতাৰ

অৱশেষত মৃত্যুবৰণ কৰিলে উন্নাও কাণ্ডৰ নিৰ্যাতিতাগৰাকী ৷ মৃত্যুৰে যুঁজি শুক্ৰবাৰে নিশা 11.40 বজাত শেষ নিশ্বাস ত্যাগ কৰে নিৰ্যাতিতাগৰাকীয়ে ৷

author img

By

Published : Dec 7, 2019, 3:16 AM IST

Unnao rape victim has been died
অৱশেষত চিকিৎসালয়ত মৃত্যু উন্নাও কাণ্ডৰ নিৰ্যাতিতাৰ

নতুন দিল্লী, 7 ডিচেম্বৰঃ মৃত্যুৰে সৈতে যুঁজি অৱশেষত হাৰ মানিলে উন্নাও ধৰ্ষণ কাণ্ডৰ নিৰ্যাতিতাগৰাকী ৷ ইতিমধ্যেই নিৰ্যাতিতাগৰাকীৰ 90 শতাংশ শৰীৰ জ্বলি যোৱাৰ পিচত বৃহস্পতিবাৰে সংকটজনক অৱস্থাত লক্ষ্নৌৰ পৰা দিল্লীৰ সফৰদজংগ হাস্পতাললৈ অনা হৈছিল ৷ কিন্তু জীৱন যুঁজত হাৰ মানি শুক্ৰবাৰে নিশা 11.40 বজাত মৃত্যুক আঁকোৱালি লয় নিৰ্যাতিতাগৰাকীয়ে ৷ তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে চিকিৎসালয়খনৰ চিকিৎসক ডাঃ শ্বালাব কুমাৰে ৷

উল্লেখ্য যে পাঁচ পুৰুষৰ দ্বাৰা বলাৎকাৰ হোৱা নিৰ্যাতিতাগৰাকীয়ে আদালতলৈ আহি থকা অৱস্থাতে জ্বলাই দিয়ে দুই অভিযুক্ত বলাৎকাৰীয়ে ৷ আনহাতে আৰক্ষীয়ে এই পাঁচ অভিযুক্ত ক্ৰমে সুভম, শিৱম, হৰিশংকৰ, উমেশ আৰু ৰাম কিশোৰ নামৰ যুৱক বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়কঃ হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.